NORTHEAST NOW (Assamese)
অসম

আজি জাপানত অনুষ্ঠিত হৈছে নিৰ্বাচন; সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে শাসকীয় দলে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2024 10:13 am

আজি (দেওবাৰে) অনুষ্ঠিত হৈছে জাপানৰ সাধাৰণ নিৰ্বাচন। এই কঠোৰ যুঁজৰ নির্বাচনত শনিবাৰে অন্তিমবাৰৰ বাবে ভোটাৰসকলৰ পৰা ভোট বিচাৰিছিল প্রার্থীসকলে৷ জনমত সমীক্ষা অনুসৰি শাসকীয় মিত্ৰজোঁটে এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হ’ব পাৰে।

২০০৯ চনৰ পিছত দেশখনৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ বাবে এইটোৱেই হ’ব পাৰে আটাইতকৈ বেয়া ফলাফল। দেশৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ বাবেও এয়া এক ডাঙৰ আঘাত।

ইছিবা যোৱা মাহত এলডিপিৰ মুৰব্বী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ দলটোৱে ৭ দশক ধৰি জাপানত শাসন কৰি আহিছে। কিন্তু ৬৭ বছৰীয়া প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দলটোৰ ভিতৰত তিক্ত প্ৰতিদ্বন্দ্বিতাৰ অন্তত ১ অক্টোবৰত জাপানৰ প্ৰধানমন্ত্ৰী হয়। ইয়াৰ পিছতে তেওঁ নতুন জাপানৰ প্ৰতিশ্ৰুতি দি আগতীয়াকৈ নিৰ্বাচনৰ কথা ঘোষণা কৰে।

লগতে পঢ়কঃ নিউজিলেণ্ডৰ বিৰুদ্ধে অনাকাংক্ষিত পৰাজয়; গৌতম গম্ভীৰৰ ‘অতি আগ্ৰাসী’ কৌশলেই দায়ী!

ইছিবাই হতাশগ্ৰস্ত গ্ৰাম্য অঞ্চল আৰু জাপানৰ জনসংখ্যা বৃদ্ধিৰ বাবে কৰ্মৰ সময় শিথিল কৰাৰ দৰে নীতিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিবাহিত দম্পতীয়ে পৃথক উপাধি ল’বলৈ দিয়াকে ধৰি কেইবাটাও বিষয়ত তেওঁ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি গৈছে। তেওঁ নিজৰ মন্ত্ৰীসভাত মাত্ৰ দুগৰাকী মহিলাকহে নিযুক্তি দিছিল।

যোৱা শুকুৰবাৰে দৈনিক যোমমিউৰি শ্বিম্বুনে কৰা সমীক্ষাত দেখা গৈছে যে এলডিপি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ কমেইটোৱে সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হ’ব। সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ এল ডি পিয়ে ২৩৩খন আসন লাভ কৰিব লাগিব। ২৩৩খন আসন নাপালে এল ডি পিয়ে চৰকাৰ গঠন কৰিবলৈ মিত্ৰতাৰ অংশীদাৰ বিচাৰিব লাগিব বা সংখ্যালঘু চৰকাৰ চলাব লাগিব।

স্থানীয় সংবাদ মাধ্যমৰ মতে, সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যৰ্থ হ’লে ইছিবাই পদত্যাগ কৰিব পাৰে। ইয়াৰ ফলত তেওঁ দেশৰ আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব।

লগতে পঢ়কঃ আপোনাৰ সন্তান পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী নহয় নেকি? জানেনে কেনেকৈ সলনি কৰিব তেওঁলোকৰ মন?

জাপানৰ কনষ্টিটিউশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিয়ে কেইবাটাও স্থানত এলডিপিক প্ৰত্যাহ্বান জনাইছে। দলটোৰ নেতৃত্বত আছে প্ৰাক্তন জনপ্ৰিয় প্ৰধানমন্ত্ৰী যোছিহিকো নোডা।

শনিবাৰে এল ডি পিক সমালোচনা কৰি নোডাই কয় যে এল ডি পিৰ ৰাজনীতি হৈছে তেওঁলোকক বহুত নগদ ধন দিয়াসকলৰ বাবে নীতি ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা।