NORTHEAST NOW (Assamese)
অসম

পিএইচডি কৰিবলৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ক ১ কোটি টকা; শ্বেক্সপীয়েৰক লৈ নহ’ল গৱেষণা, নাকচ ডিগ্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2024 11:25 am

ইংৰাজী বিষয়ত পি এইচ ডি কৰিছিল তেওঁ। এক কোটিতকৈও অধিক টকা খৰছ কৰিছিল। সকলো জমা দিয়াৰ পাছতো প্রতিষ্ঠানটোৱে ক’লে যে ই পিএইচডি নহয়, মাষ্টাৰ্ছহে হৈছে৷ নাকচ কৰা হ’ল গৱেষণাপত্ৰ। এই ঘটনা আন কোনো কতো নহয়, ঘটিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত।

জানিব পৰা মতে, ছাত্ৰীগৰাকী তামিলনাডুৰ বাসিন্দা, নাম লক্ষ্মী বালকৃষ্ণন। ইতিমধ্যে ছাত্ৰীগৰাকীয়ে দুটা স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। তাৰ পিছত শ্বেক্সপীয়েৰৰ ওপৰত গৱেষণা কৰে।

বিশ্ববিদ্যালয়ৰ পৰা স্পষ্ট কৰা হৈছে যে এই গৱেষণা পিএইচডি পৰ্যায়ৰ কাম নহয়, ই এটা সাধাৰণ কাম হৈ পৰিছে। এজন স্নাতকোত্তৰ ছাত্ৰৰ কাম হৈছে। তেওঁৰ গৱেষণা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ স্তৰলৈ অনা হ’ল। এই কথাত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰীগৰাকী।

লগতে পঢ়কঃ আজি জাপানত অনুষ্ঠিত হৈছে নিৰ্বাচন; সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে শাসকীয় দলে!

অন্যায়ভাৱে তেওঁক বাদ দিয়া হৈছে বুলি অভিযোগ কৰে। তেওঁ পিএইচডি কৰাৰ বাবে ১ কোটি টকা দিছিল, মাষ্টাৰ্ছৰ কৰাৰ বাবে নহয়।

শ্বেক্সপীয়েৰৰ বিশেষজ্ঞ দুজন অধ্যাপকে অৱশ্যে দাবী কৰে যে তেওঁৰ গৱেষণা পিএইচডি ডিগ্ৰীৰ বাবে বিবেচনাৰ যোগ্য। বিশ্ববিদ্যালয়খনে কিয় বাতিল কৰিলে সেয়া জানিব পৰা হোৱা নাই।

অৱশ্যে এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ স্থিতি সমৰ্থন কৰিছে স্বতন্ত্ৰ বিচাৰকৰ কাৰ্যালয়ে। তেওঁলোকে দাবী কৰে, পিএইচডিত নতুন একো নাই। গৱেষণাপত্ৰ এখন তেতিয়াই সফল বুলি ক’ব পাৰি যেতিয়া ইয়াত পূৰ্বৰ গৱেষণাতকৈ নতুন কিবা এটা থাকে। এই ছাত্ৰীগৰাকী সেইটো কৰি দেখুৱাব পৰা নাই।

লগতে পঢ়কঃনিউজিলেণ্ডৰ বিৰুদ্ধে অনাকাংক্ষিত পৰাজয়; গৌতম গম্ভীৰৰ ‘অতি আগ্ৰাসী’ কৌশলেই দায়ী!

লক্ষ্মী বালকৃষ্ণনে কয় যে অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক বিশ্বাসঘাতকতা কৰিছে। এই প্ৰতিষ্ঠানটোৱে অতি সুনামেৰে কাম কৰে বাবেই তেওঁ এই প্ৰতিষ্ঠানত ভৰ্তি হৈছিল। কিন্তু তেওঁক প্ৰতাৰণা কৰা হ’ল। পৰৱৰ্তী সময়ত তেওঁ আইনৰ পথত খোজ দিব পাৰে।

তেওঁ আক্ষেপ প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়ে তেওঁ বাৰে বাৰে আবেদন কৰক আৰু বাৰে বাৰে থিছিছ জমা দিয়াটো বিচাৰে। এটা সময়ত তেওঁ হাৰ মানিব আৰু তেওঁৰ পিএইচডিৰ টকা পানীত পৰিব।