NORTHEAST NOW (Assamese)

তিনিচুকীয়াত গুলীয়াই আত্মহত্যা সেনা জোৱানৰ

March 1, 2023 7:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 1, 2023 7:24 pm

তিনিচুকীয়া জিলাত বুধবাৰে পুৱতি নিশা চৰকাৰী বন্দুকেৰে গুলীচালনা কৰি আত্মহত্যা কৰে এজন সেনা জোৱানে।

সূত্ৰৰ পৰা জানিব পৰা মতে, অশোক নামৰ জোৱানজন ডুমডুমা এ আৰ চিত কৰ্মৰত আছিল। জানিব পৰা মতে পুৱতি নিশা প্ৰায় ৩ বজাত নিজৰ কোঠাত গুলীচালনা কৰি আত্মহত্যা কৰে জোৱানগৰাকীয়ে।

সেনা জোৱান গৰাকীয়ে এই চৰম সিদ্ধান্ত বাচি লোৱাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

কেৱল এয়াই নহয়, যোৱা দেওবাৰেও বজালী জিলাৰ ভৱানীপুৰ থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এজন আৰক্ষী জোৱানৰ মৃতদেহ। জোৱানজনৰ মৃতদেহ তেওঁৰ বেৰেকত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। নিহত জোৱান জন ১৪ এ পি বি এনৰ হেমন্ত পাটোৱাৰী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হেমন্ত পাটোৱাৰী কেইবাদিনো ধৰি হৃদৰোগ ৰোগত আক্ৰান্ত হৈ আছিল।

Related News