NORTHEAST NOW (Assamese)

ভাৰতত আৰম্ভ হ’ব 5G সেৱা! : মুকেশ আম্বানীয়ে কৰিলে ঘোষণা; কিন্তু কেতিয়া পৰা? জানিবলৈ পঢ়ক

December 8, 2020 6:51 pm · এন ই নাও নিউজ
Updated: December 8, 2020 6:56 pm

ৰিলায়েন্স জিঅ’-এ ভাৰতত অতি শীঘ্ৰেই আৰম্ভ কৰিব ৫জি ইন্টাৰনেট সেৱা। এই ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৰ মুৰব্বী তথা স্বত্বাধিকাৰ মুকেশ আম্বানীয়ে।

উল্লেখ্য যে ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২০’ৰ অধিৱশনতে প্ৰতিষ্ঠানটোৱে এই ঘোষণা কৰিছিল যদিও এই সেৱা কেতিয়াৰ পৰা আৰম্ভ কৰিব সেয়া স্পষ্টভাৱে প্ৰকাশ কৰা নাছিল।

এইবাৰ খোদ মুকেশ আম্বানীয়ে ঘোষণা কৰি কয় যে দেশীয় প্ৰযুক্তিৰে আৰম্ভ কৰা ৫জি ইন্টাৰনেট পৰিসেৱা দেশৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হ’ব।

“ডিজিটেল যোগাযোগৰ ক্ষেত্ৰখনত ভাৰত হৈছে বিশ্বৰ ভিতৰতে অন্যতম আগুৰণুৱা দেশ। এই ধাৰাক আগুৱাই নিবলৈ ৫জি ইন্টাৰনেট পৰিসেৱাক দেশৰ প্ৰতিটো প্ৰান্তত বিয়পাই দিয়াৰ প্ৰয়োজন। আমি কথা দিছো, ২০২১ বৰ্ষৰ দ্বিতীয়াৰ্ধতেই দেশত ৫জি বিপ্লৱ আৰম্ভ হ’ব।” মুকেশ আম্বানীয়ে কয়।

দেশত ৫জি ইন্টাৰেট পৰিসেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰ ৰিলায়েন্স জিঅ’ আৰু ভাৰতী এয়াৰটেলৰ মাজত এখন শীতল যুদ্ধ চলি আছিল।

অৱশেষত এই শীতল যুদ্ধখনত মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’-এ জয়লাভ কৰিবলৈ সক্ষম হয়।

স্মৰ্তব্য যে ভাৰতী এয়াৰটেলৰ চেয়াৰমেন সুনীল মিট্টালে পূৰ্বে ঘোষণা কৰিছিল যে আগন্তুক দুবছৰৰ ভিৰতত ভাৰতত ভাৰতী এয়াৰটেলে ৫জি ইন্টাৰনেট পৰিসেৱা আৰম্ভ কৰিব।

Related News