NORTHEAST NOW (Assamese)

Jio ৰ নতুন অফাৰ : এবছৰৰ বাবে লাভ কৰক বিনামূলীয়া এই সেৱা

July 12, 2019 12:37 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতীয় টেলিকম জগতত জিঅ’ৰ আবিৰ্ভাৱৰ পাছৰে পৰা হয়তো আপোনালোকে জিঅ’ৰ বিষয়ে শুনিবলৈ পাই আহিছে। জিঅ’ই ভাৰতৰ প্ৰতিটো টেলিকম প্ৰতিষ্ঠানকে যথেষ্ট প্ৰত্যাহবান জনাবলৈ সক্ষম হৈছে। জিঅ’ই প্ৰতিষ্ঠা লাভৰ দিনৰ পৰাই ইয়াৰ গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰ সমূহ সময়ে সময়ে লৈ আহিছে।

অলপতে জিঅ’ই ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ অফাৰ লৈ আহিছে। এই অফাৰ অনুসৰি কোম্পানীটোৰ তৰফৰ পৰা ইয়াৰ গ্ৰাহকসকলক বিনামূলীয়া প্ৰাইম মেম্বাৰ হোৱাৰ সুবিধা প্ৰদান কৰিছে। জিঅ’ৰ প্ৰাইম মেম্বাৰৰ বছৰেকীয়া মাচুল আছিল ৯৯ টকা কিন্তু এতিয়াৰে পৰা এই মেম্বাৰশ্বিপ সম্পূৰ্ণ বিনামূলীয়া হ’ব।

জিঅ’ৰ বিনামূলীয়া প্ৰাইম মেম্বাৰশ্বিপৰ বাবে প্ৰথমতে মাই জিঅ’ এপলৈ যাব লাগিব আৰু তাৰপৰা মাই প্লান অংশলৈ গ’লে তেওঁলোকে আপোনাৰ ফ্ৰী জিঅ’ প্ৰাইম মেম্বাৰ শ্বিপৰ বাবে অনুৰোধ লাভ কৰিব আৰু আপোনাৰ নম্বৰটো ফ্ৰী জিঅ’ প্ৰাইম মেম্বাৰশ্বিপৰ বাবে পঞ্জীয়ন হৈ যাব।

আনহাতে, ফ্ৰী জিঅ’ প্ৰাইম মেম্বাৰশ্বিপত আপোনাৰ নম্বৰ পঞ্জীয়ন হোৱাৰ লগে লগে আপুনি ৰিলায়েঞ্চ জিঅ’ প্ৰাইমৰ সুবিধা সমূহ উপভোগ কৰিব পাৰিব। ইয়াত উপলব্ধ সুবিধা সমূহৰ ভিতৰত লাইভ মিউজিক, জিঅ’ মিউজিক আৰু লাইভ টিভি আদি সেৱা অন্যতম।

Related News