NORTHEAST NOW (Assamese)

যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ পোষকতা যোৰহাটবাসীৰ  

September 20, 2025 6:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 20, 2025 6:42 pm

প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকত ভাগি পৰিছে অনুৰাগীসকল। প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। এতিয়া প্ৰিয় শিল্পী গৰাকীৰ শেষাকৃত্য ক’ত সম্পন কৰা হ’ব এই লৈ চলিছে জল্পনা কল্পনা…! ইতিমধ্যে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে জুবিন গাৰ্গৰ সমাধিৰ বাবে চাৰিবিঘা ভূমি আগবঢ়াইছে বুলি জানিব পৰা গৈছে।  

এতিয়া যোৰহাটবাসীৰ সৈতে সুৰ মিলাই অসম সাহিত্য সভাইও প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্তিম ৰীতি-নীতি তেওঁৰ গৃহ চহৰত পালন কৰিবলৈ আহ্বান জনাইছে।

যোৰহাটস্থিত  অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে জুবিন গাৰ্গক “অসমৰ আকাশৰ পৰা পৰি যোৱা উজ্জ্বল তৰা” বুলি অভিহিত কৰি। তেওঁ অসমীয়া সংস্কৃতিলৈ শিল্পীগৰাকীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় জুবিন গাৰ্গৰ পৰিয়াল জাজী তামুলিচিগাৰ আছিল আৰু পিছলৈ পৰিয়ালৰ সৈতে বংগলপুখুৰীত বসতি স্থাপন কৰিছিল, য’ত তেওঁ স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষা সম্পূৰ্ণ কৰিছিল। বংগলপুখুৰী পূজা মন্দিৰৰ পৰাই জুবিনে সংগীত যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ প্ৰথমতে যোৰহাটৰ সন্তান হিচাপে পৰিচিতি লাভ কৰিছিল। সেয়েহে তেওঁৰ অন্তিম প্ৰস্থানত যোৰহাটতেই সমাধি হোৱাটো যথোপযুক্ত বুলি মত পোষণ কৰিছে

শেহতীয়া খবৰ অনুসৰি যোৰহাটৰ বৰলুইতৰ পাৰত জুবিন গাৰ্গৰ শেষাকৃত্য সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰৰ প্ৰতি শিল্পীগৰাকীৰ অকৃত্ৰিম মৰম আৰু আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বাইপাছৰ সমীপৰ প্ৰায় ৫ বিঘা মাটিক সন্নিৱিষ্ট কৰি সমাধিৰ বাবে একাধিক স্থান পৰিদৰ্শন কৰিছে বুলি জানিব পৰা গৈছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়ে অৱগত কৰিছে বুলি তেওঁলোকে সদৰী কৰিছে।

Related News