NORTHEAST NOW (Assamese)

কংগণাৰ মহাবিস্ফোৰণ : ‘যিকোনো সময়তে আমাৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিব পাৰে!’

August 17, 2020 9:03 pm · এন ই নাও নিউজ
Updated: August 17, 2020 9:09 pm

বলিউদৰ নিৰ্ভীক অভিনেত্ৰী কংগণা ৰাণাৱটৰ এক টুইটে পুনৰ খলকনি তুলিছে বলিউদৰ লগতে তেওঁৰ অগণন অনুৰাগীৰ মাজত।

বলিউদৰ সাহসী অভিনেত্ৰী গৰাকীয়ে টুইটাৰ যোগে জনাইছে যে তেওঁৰ টুইটাৰ একাউন্টটো বন্ধ কৰি দিয়া হ’ব পাৰে!

বলিউদৰ ফিল্মমাফিয়াসকলৰ স্বজন-তোষণৰ বিৰুদ্ধে অবিৰতভাৱে সোচ্ছাৰ হৈ অহা অভিনেত্ৰীগৰাকীৰ টুইটাৰ একাউন্টটো বন্ধ কৰি দিয়াৰ আশংকা প্ৰকাশ কৰিছে খোদ কংগণাই।

“…মই গম পাইছো যে ইয়াত মোৰ সময় কমি আহিছে, যিকোনো সময়তে তেওঁলোকে মোৰ একাউন্টটো বন্ধ কৰি দিব পাৰে, যদিও মোৰ বহু কথাই শ্বেয়াৰ কৰিবলৈ আছে, কিন্তু এই সময়খিনি মই তেওঁলোকৰ মুখা খুলিবলৈ ব্যৱহাৰ কৰিম।” কংগণাই এটা টুইটত এইদৰে কয়।

কংগণাৰ এই টুইট পোৱাৰ লগে লগে অনুৰাগীসকলে কংগণাৰ ওচৰত থিয় হোৱা পৰিলক্ষিত হৈছে। বহুতে ৰিটুইট কৰি অভিনেত্ৰী গৰাকীক সাহসো দিছে। টুইটাৰ একাউন্টটো বন্ধ কৰি দিলে অভিনেত্ৰী গৰাকীক ইউ টিউবত আহিবলৈও বহু অনুৰাগীয়ে আহ্বান জনাইছে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছৰ পৰাই অভিনেত্ৰী কংগণাই বলিউদৰ ফিল্মমাফিয়া আৰু স্বজন-প্ৰীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আহিছে।

কৰণ জোহৰ, মহেশ ভাট, আলিয়া ভাট, ৰণবীৰ কাপুৰ আদিৰ বিৰুদ্ধে বৰ্তমানেও বিষোদগাৰ প্ৰকাশ কৰি আছে অভিনেত্ৰী গৰাকীয়ে।

যোৱা স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ পিছত অভিনেত্ৰী গৰাকীৰ পুনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। আনকি কংগণাই বিজেপিত যোগদান কৰা বুলিও সমালোচনা কৰিছে একাংশই।

এই সংক্ৰান্ত অভিনেত্ৰীগৰাকীয়ে স্পষ্টৰূপত কয় যে, তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কিছু কামক প্ৰশংসা কৰিছে। লগতে কয় যে তেওঁৰ ককাকৰ দিনৰে পৰাই তেওঁলোকৰ পৰিয়াল কংগ্ৰেছী।

“ককাৰ দিনৰে পৰাই আমি কংগ্ৰেছী। ‘গেংষ্টাৰ’ কৰাৰ পৰাই ৰাজনীতিত যোগ দিবলৈ প্ৰস্তাৱ আহি আছে। ‘মণিকৰ্ণিকা’ কৰাৰ পিছত বিজেপিত যোগ দিয়াৰ প্ৰস্তাৱো আহিছে। কিন্তু আমি আমাৰ অভিনয়ত মন দি আহিছো। কোনো ব্যক্তিক স্বাধীনভাৱে সমৰ্থন কৰিলেই ৰাজনীতিত যোগ দিয়া নুবুজায়। এনে অনৰ্থক ট্ৰলিং বন্ধ কৰক।” কংগণা ৰাণাৱটে কয়।

Related News