NORTHEAST NOW (Assamese)

কা-বিৰোধিতা: আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালে সাহায্য নাপায়, সিদ্ধান্ত সলনি কৰ্নাটক চৰকাৰৰ

December 25, 2019 9:46 pm · এন ই নাও নিউজ

কৰ্নাটক চৰকাৰে বুধবাৰে সিদ্ধান্ত লৈছে যে মাংগালুৰুত কা-বিৰোধী প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত দুই ব্যক্তিৰ পৰিয়ালক সাহায্য প্ৰদান কৰা নহয়।

১৯ ডিচেম্বৰত হোৱা গুলীচালনাৰ ঘটনাৰ পিছত ৰাজ্য চৰকাৰে পৰিয়াল দুটাক ১০ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল।

কিন্তু, বুধবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুখ্য মন্ত্ৰী বি এছ য়েদুৰাপ্পাই কয় যে তেওঁলোকে ইয়াক “বাতিল” কৰাৰ সিদ্ধান্ত লৈছে।

নিহত লোক দুজনক “অপৰাধী” বুলি উল্লেখ কৰি য়েদুৰাপ্পাই কয়, “অপৰাধীক এককালীন সাহায্যপ্ৰদান এক অসমৰ্থনীয় অপৰাধ।”

বিপৰীতে তেওঁ কয় যে আৰক্ষীক ১৯ ডিচেম্বৰৰ “ৰায়ত”ৰ বাবে জগৰীয়া “দুষ্কৃতিকাৰী”ক চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

“মাংগালুৰুৰ হিংসা এটা ষড়যন্ত্ৰ আৰু পৰিকল্পিত কাৰ্য্য আছিল,” তেওঁ কয়।

মুখ্য মন্ত্ৰীজনে সাহায্যৰ সিদ্ধান্ত “বাতিল” কৰা হৈছে বুলি কোৱাৰ লগতে আকৌ এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল বুলিও মন্তব্য আগবঢ়াইছে।

Related News