NORTHEAST NOW (Assamese)

সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত নিৰ্মিত যোৰহাটৰ কুৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

May 11, 2020 1:36 pm · এন ই নাও নিউজ
ফটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ পৰা সংগৃহীত

সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়তো ৰাজ্য চৰকাৰে কোভিড-১৯ৰ কুৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰিছে।

আজি পোৱা মন্ত্ৰী হিমন্ত বিশ্বই কাজিৰঙা বিশ্ববিদ্যালয়ত সাজু কৰি তোলা উক্ত কুৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি কামৰ বুজ লয়।

ইয়াৰ পিছতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৫০খন বিচনাযুক্ত অত্যাধুনিক আই চি ইউ (ICU) কক্ষ মুকলি কৰে।

ভেণ্টিলেটৰ আৰু অক্সিজেন ব্যৱস্থাৰে সম্পূৰ্ণ কাৰ্য্যক্ষম হৈ ICU কক্ষটোৱে কভিড-১৯ বিৰুদ্ধে অব্যাহত থকা যুঁজখনক অধিক গতি দিব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

আজিৰ উক্ত দুয়োটা কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোৰহাট লোকভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে।

উল্লেখযোগ্য যে অসমত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬২গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪জন আৰোগ্য হৈছে। বৰ্তমান ২৭গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Related News