NORTHEAST NOW (Assamese)

কোহলীৰ ভুলৰ বাবেই কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল কে এল ৰাহুল

September 25, 2020 12:19 pm · এন ই নাও নিউজ
Updated: September 25, 2020 12:42 pm

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ ছয় নম্বৰ মেচখন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীয়ে কেতিয়াও পাহৰিব নোৱাৰিব।

ইয়াৰ বিপৰীতে কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলৰ বাবে চিৰস্মৰণীয় হৈ থাকিব মেচখন। কিয়নো মেচখনত ৰাহুলে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত বেংগালুৰু আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত মেচখনত কে এল ৰাহুলে বিস্ফোৰক শতকীয় ইনিংছ খেলে।

ৰাহুলে মাত্ৰ ৬৯টা বলত ১৩২ ৰান (১৪টা চাৰি/৭টা ছয়) কৰে। তেওঁৰ এই ইনিংছৰ সহায়ত পঞ্জাৱে ২০৬ ৰান সংগ্ৰহ কৰে।

২০৭ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা আৰ চি বিয়ে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰাত মেচখন পঞ্জাৱে ৯৭ ৰানত জয়লাভ কৰে।

ৰাহুলৰ এই বিস্ফোৰক শতকীয় ইনিংছৰ আঁৰত আছে বিৰোধী দলৰ অধিনায়ক বিৰাট কোহলীৰ অৱদান। কোহলীয়ে দুটাকৈ কেটছ এৰাৰ বাবেই ৰাহুলে দুৰ্দান্ত শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

কেটছ দুটা এৰাৰ পিছত ৰাহুলে মাত্ৰ ৯টা বলত ৪৯ ৰান কৰে।

ৰাহুলৰ এই ইনিংছটোৱে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত এটা হৈছে- আই পি এলত সৰ্বাধিক ব্যক্তিগত ৰানৰ ইনিংছ খেলা ভাৰতীয় বেটছমেন।

১৩২- কে এল ৰাহুল
১২৮- ঋষভ পণ্ট
১২৭- মুৰুলী বিজয়

ইয়াৰ উপৰি অধিনায়ক হিচাপেও সৰ্বাধিক ব্যক্তিগত ৰানৰ ইনিংছ খেলা বেটছমেনত পৰিগণিত হৈছে ৰাহুল।
১৩২- কে এল ৰাহুল
১২৬-ডেভিড ৱাৰ্ণাৰ
১১৯- বীৰেন্দ্ৰ সেহৱাগ
১১৩- বিৰাট কোহলী

তদুপৰি বৃহস্পতিবাৰৰ মেচখনত কে এল ৰাহুলে আন এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। তেওঁ আই পি এলত ২০০০ ৰান সংগ্ৰহ কৰা বেগী ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে শচীন টেণ্ডুলকাৰৰ নামত আছিল এই ৰেকৰ্ড।

Related News