NORTHEAST NOW (Assamese)

বহু কৰ্মীৰ চাকৰি গ’ল যদিও এই মহিলাগৰাকীক ছাঁটাই কৰিব নোৱাৰে এলন মাস্কে; কিন্তু কিয়?

December 1, 2022 5:02 pm · এন ই নাও নিউজ, গুৱাহাটী

Elon Musk can’t fire this Twitter woman এলন মাস্কে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে টুইটাৰৰ কৰ্মচাৰী হ্ৰাস কৰিছে। বহু টুইটাৰ কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি হেৰুৱাইছে। এনে পৰিস্থিতিত চাকৰি যোৱাটো বন্ধ কৰিবলৈ এক নতুন পদক্ষেপ লৈছে। ঘটনাটো নো কি?

ছাইনেড মেকচুইনি আয়াৰলেণ্ডৰ টুইটাৰ কাৰ্যালয়ৰ এগৰাকী অভিজ্ঞ কৰ্মচাৰী। তেওঁ টুইটাৰৰ গ্লোবেল ভাইচ প্ৰেছিডেন্ট। টুইটাৰ কৰ্তৃপক্ষৰ সৈতে তেওঁৰ বুজাবুজি হোৱা নাছিল। তেওঁ চাকৰি হেৰুৱাব বুলি ভয় কৰি পোনপটীয়াকৈ আদালতলৈ গৈছিল। মেকচুইনিৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ে চাকৰিত স্থগিতাদেশ জাৰি কৰে। অৰ্থাৎ মাস্কে এতিয়াই তেওঁৰ চাকৰি কাঢ়িব নোৱাৰিব।

লগতে পঢ়ক: দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা?

নৱেম্বৰ মাহৰ আৰম্ভণিতে মাস্কে সকলো টুইটাৰ কৰ্মচাৰীলৈ এটা ইমেইল প্ৰেৰণ কৰিছিল। কিন্তু মেকচুইনিয়ে কোনো সঁহাৰি দিয়া নাছিল। তেতিয়াৰ পৰাই সমস্যাটো আৰম্ভ হয়। আকাৰে-ইংগিতে বুজাই দিয়া হৈছিল যে মেকচুইনি এতিয়া টুইটাৰৰ কৰ্মচাৰী নহয়। তেওঁক ডাবলিন কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। তেওঁৰ ইন্টাৰনেল আইটি ছিষ্টেম বন্ধ কৰি দিয়া হয়। আনকি তেওঁৰ অফিচিয়েল ইমেইল আইডিও বন্ধ কৰি দিয়া হয়।

তদুপৰি, জনোৱা হৈছিল যে মেকচুইনিয়ে চাকৰিটো এৰিবলৈ এক বিত্তীয় চুক্তিও মানি লৈছে। ইয়াৰ প্ৰতিবাদত তেওঁ লৰালৰিকৈ আদালতৰ কাষ চাপিছিল।

কৰ্মীজনে আদালতক কৈছিল যে মাস্কৰ আমোলত টুইটাৰত কাম কৰাটো কঠিন হৈ পৰিছে। চুক্তিখনত কোৱা হৈছিল যে তেওঁ সপ্তাহত ৪০ ঘণ্টা কাম কৰিব লাগিব। কিন্তু তেওঁ ৭৫ ঘণ্টাতকৈও অধিক সময় কাম কৰিব লগা হৈছে।

লগতে পঢ়ক: সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু

অৱশ্যে টুইটাৰে আদালতত কৈছিল যে মেকচুইনিৰ দক্ষতা আৰু দায়িত্ববোধৰ বিষয়ে কোনো প্ৰশ্নই উঠা নাই। ইয়াৰ পিছতে আদালতে এক স্থগিতাদেশ জাৰি কৰি আৰু প্ৰাথমিকভাৱে টুইটাৰ কৰ্মচাৰীৰ ছাঁটাই বন্ধ কৰে।

Related News