NORTHEAST NOW (Assamese)

কলিয়াবৰত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

August 3, 2020 6:08 pm · ৰিদিপ শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিদ্দেশ মৰ্মে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ‍্যোগত কলিয়াবৰৰ কুঁৱৰীটোল তিনিআলিট প্ৰতাৰণা দিৱস কাৰ্যসূচী পালন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিদ্দেশ মৰ্মে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ‍্যোগত কলিয়াবৰৰ কুঁৱৰীটোল তিনি আলিত প্ৰতাৰণা দিৱস কাৰ্যসূচী পালন কৰে।

ৰাজ‍্যজুৰি বিজেপি চৰকাৰে বানপানীৰ সাহায্যৰ নামত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰাৰ প্ৰতিবাদত আজি কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ‍্যোগত কলিয়াবৰৰ কুঁৱৰীটোল তিনিআলিত কেইবাশ প্ৰতিবাদীয়ে চৰকাৰে প্ৰতাৰণা কৰা বিভিন্ন বিষয়ৰ প্ৰতিশ্ববি অংকিত পোছাক পিন্ধি কলিয়াবৰৰ কুঁৱৰীটোল তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰ বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে কিষাণ কংগ্ৰেছৰ অধ‍্য‌ক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ, কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা, পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি শৈলাস দাস, যুৱ কংগ্ৰেছৰ সভাপতি ইমৰান হুছেইন আৰু জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী প্ৰদীপ বৰুৱা, প্ৰশান্ত শইকীয়াকে প্ৰমুখ্যে কৰি কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰৰ কেইবাশ কংগ্ৰেছৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।

Related News