NORTHEAST NOW (Assamese)

যুদ্ধ নীতি উলংঘা! ৰাছিয়াই আত্মসমৰ্পণ কৰা সৈনিকক হত্যা কৰাৰ অভিযোগ ইউক্ৰেইনৰ

December 4, 2023 9:38 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো সৌজন্যঃ বিবিচি।

ৰাছিয়াৰ বিৰুদ্ধে আত্মসমৰ্পণ কৰা দুজন সৈনিকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে। কিয়েভে দাবী কৰিছে যে আত্মসমৰ্পণৰ পিছতো ৰাছিয়াৰ সৈন্যই নিৰস্ত্ৰ ইউক্ৰেইনৰ সৈন্যক গুলীয়াই হত্যা কৰিছে।

এই গুলীচালনাৰ ভিডিঅ’ ফুটেজ অনলাইনত ভাইৰেল হৈছে। ইউক্ৰেইনৰ বিষয়াসকলে তেওঁলোকৰ দুজন সৈনিকক আত্মসমৰ্পণৰ পিছতো ৰাছিয়াৰ সৈন্যই হত্যা কৰাটোক “যুদ্ধ অপৰাধ” বুলি অভিহিত কৰিছে। অৱশ্যে ৰাছিয়াই এই অভিযোগৰ সন্দৰ্ভত এতিয়াও কোনো প্ৰত্যুত্তৰ দিয়া নাই।

লগতে পঢ়কঃ দক্ষিণ গাজাতো আক্ৰমণ বৃদ্ধি কৰিছে ইজৰাইলী বাহিনীয়ে; আশ্ৰয় বিচাৰি অনিশ্চিত যাত্ৰা বাসিন্দাৰ

যোৱা শনিবাৰে অনলাইনত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দুজন লোকক গোপন ঘাটিৰ পৰা ওলাই অহা দেখা গৈছে। এজনে দুয়োখন হাত ওপৰলৈ তুলি ধৰিছে। তেওঁলোকৰ সন্মুখত এদল সেনা থিয় হৈ আছে। কিছু সময়ৰ পাছত বন্দুকৰ গুলীৰ শব্দ আৰু ধোঁৱাৰ মাজত হঠাতে ভিডিঅ’টোৰ অন্ত পৰে।

পূব ইউক্ৰেইনৰ ডনেস্ক অঞ্চলৰ ৰাজহুৱা কনছুলৰ কাৰ্যালয়ে জনোৱা মতে, প্ৰাথমিক তথ্য অনুসৰি আভডিভকা চহৰৰ ওচৰৰ ষ্টেপভ নামৰ এখন গাঁৱত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।

লগতে পঢ়কঃ এইবাৰ নিয়মৰক্ষাৰ মেচতো ৰেহাই নিদিলে অষ্ট্ৰেলিয়াক! বলাৰৰ শক্তিৰে বিশ্বজয়ীক হৰুৱাই শৃংখলা সামৰিলে টীম ইণ্ডিয়াই

কনছুলৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ ইউনিফৰ্ম পিন্ধা দুজন নিৰস্ত্ৰ জোৱানে আত্মসমৰ্পণ কৰিবলৈ ওলাইছিল। কিন্তু ৰাছিয়াৰ সেনাৰ পোছাক পৰিহিত এদল লোকে তেওঁলোকক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। এইদৰে বন্দীক হত্যা কৰাটো জেনেভা সন্ধিৰ গুৰুতৰ উলংঘা।

এই ভিডিঅ’টোৰ সত্যতা তাৎক্ষণিকভাৱে পৰীক্ষা কৰিব পৰা নাই সংবাদ মাধ্যমে। 

Related News