• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ গাজাতো আক্ৰমণ বৃদ্ধি কৰিছে ইজৰাইলী বাহিনীয়ে; আশ্ৰয় বিচাৰি অনিশ্চিত যাত্ৰা বাসিন্দাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2023 8:48 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ীত বান্ধি লৈছে বিচনা। মধ্য গাজাৰ পুৰণি ঘৰলৈ উভতিছে আয়া ফাহমী আৰু তেওঁৰ পৰিয়াল। যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেওঁলোকে তৃতীয়বাৰৰ বাবে নিজৰ আশ্ৰয় সলনি কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বে ইজৰাইলৰ আক্ৰমণৰ ফলত তেওঁলোকে দক্ষিণ গাজাত আশ্ৰয় লৈছিল।

সাতদিনীয়া অস্থায়ী যুদ্ধবিৰতিৰ অন্তত যোৱা শুকুৰবাৰে পুৱাৰে পৰা ইজৰাইলে বৃহৎ পৰিসৰৰ আক্ৰমণ চলাইছে। উত্তৰ গাজাৰ উপৰিও দক্ষিণ গাজাতো আক্ৰমণ বৃদ্ধি পাইছে। ইজৰাইলৰ বাহিনীয়ে সম্ভাৱ্য স্থল অভিযানৰ অংশ হিচাপে দক্ষিণ গাজাৰ খান ইউনিছৰ বাসিন্দাসকলক সেই অঞ্চল এৰি যাবলৈ নিৰ্দেশ দি প্ৰচাৰ লিফলেট পেলাইছে।

তিনিটা সন্তানৰ মাতৃ ফাহমীয়ে (৩৪) সংবাদ মাধ্যমক জনোৱা মতে, ‘’ইজৰাইলী সেনাৰ নিৰ্দেশত যুদ্ধ আৰম্ভ হোৱাৰ ষষ্ঠ দিনটোত আমি ঘৰৰ পৰা ওলাই আহিলোঁ। তেওঁলোকে ক’লে, আমাৰ অঞ্চলত আক্ৰমণ কৰা হ’ব। আমি ডেইৰ আল-বালাহ অঞ্চলৰ এজন আত্মীয়ৰ ঘৰত উঠিলোঁ। তাত তিনি সপ্তাহৰ দৰে আছিলো।‘’

Apply Now

লগতে পঢ়কঃ এইবাৰ নিয়মৰক্ষাৰ মেচতো ৰেহাই নিদিলে অষ্ট্ৰেলিয়াক! বলাৰৰ শক্তিৰে বিশ্বজয়ীক হৰুৱাই শৃংখলা সামৰিলে টীম ইণ্ডিয়াই

ফাহমীয়ে কয়, “তাৰ পিছত নিৰাপদ হ’ব বুলি ভাবি আমি খান ইউনিছৰ এজন আত্মীয়ৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো। বিশেষকৈ ডেইৰ আল বালাহৰ তুলনাত সেই অঞ্চলৰ দোকানবোৰত খাদ্য কিনাটো সহজ আছিল।”

তেওঁ কয়, “আমি সেই ঘৰৰ পাৰ্কিং লটত আন ৩০ জন মানুহৰ সৈতে তাত আছিলো। ইয়াৰ বাহিৰে আমাৰ হাতত উপায় নাছিল।”

অস্থায়ী যুদ্ধবিৰতিৰ সময়ত ফাহমীয়ে গম পায় যে গাজা চহৰৰ তাল আল হাৱা অঞ্চলত থকা তেওঁলোকৰ ঘৰটো ধ্বংস হৈছে। তথাপিও তেওঁলোক তালৈ উভতি আহিছে।

হামাছৰ আক্ৰমণৰ লগে লগে ইজৰাইল বাহিনীয়ে ৭ অক্টোবৰৰ পৰা গাজাত নিৰ্বিচাৰে আক্ৰমণ আৰম্ভ কৰে। গাজাৰ বিদ্যুৎ বিতৰণ কোম্পানী জেডচিঅ’ৰ তথ্যৰ উদ্ধৃতি দি ৰাষ্ট্ৰসংঘই জনোৱা মতে, অৱৰুদ্ধ গাজা ষ্ট্ৰিপ ১১ অক্টোবৰৰ পৰা বিদ্যুৎ বিহীন হৈ আছে।

তথ্য অনুসৰি ইজৰাইলে ৮ অক্টোবৰত গাজাৰ বিদ্যুৎ যোগান বন্ধ কৰি দিছিল। কিন্তু গাজাৰ বাসিন্দাসকলে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পূৰ্বেও নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ লাভ কৰা নাছিল। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত গাজালৈ দিনটোত ১৩ ঘণ্টাৰ অলপ বেছি সময়হে বিদ্যুৎ যোগান ধৰা হৈছিল।

লগতে পঢ়কঃ ইজৰাইলৰ বিমান আক্ৰমণত নিহত পেলেষ্টাইনৰ প্ৰসিদ্ধ বিজ্ঞানী

গাজাৰ অধিকাংশ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰ বিদ্যুৎ আৰু চিকিৎসা সঁজুলিৰ অভাৱত বন্ধ হৈ আছে। ইজৰাইলৰ আক্ৰমণত আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাকী চিকিৎসালয়সমূহেও পৰিস্থিতি চম্ভালিবলৈ সংগ্ৰাম কৰি আছে।

ঠাইৰ অভাৱত আহতসকলক চিকিৎসালয়ৰ মজিয়াত চিকিৎসা প্ৰদান কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে এই পৰিস্থিতি কল্পনাতীত।

গাজাৰ দক্ষিণ অংশৰ নাছেৰ মেডিকেল কমপ্লেক্স পৰিদৰ্শন কৰাৰ পিছত ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ইয়াত সামৰ্থ্যতকৈ অধিক লোকে চিকিৎসা গ্ৰহণ কৰি আছে। তেওঁ কয়, এই চিকিৎসালয়খনত প্ৰায় ১০০০ ৰোগী আছে, যিটো চিকিৎসা ক্ষমতাৰ তিনিগুণ।

লগতে পঢ়কঃ গণনা সমাপ্ত হোৱাৰ আগতেই জনালে অভিনন্দন : তেলেংগানাৰ ডিজিক নিলম্বন নিৰ্বাচন আয়োগৰ

গেব্ৰেছছে কয় যে ৰোগীসকলক মজিয়াত চিকিৎসা কৰা হৈছে। বিষত চিঞৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। চিকিৎসা সেৱাৰ ক্ষেত্ৰত এয়া কল্পনাতীত।

ইজৰাইলে ঘেৰাও কৰা গাজাত ইন্ধন জেনেৰেটৰ চলাবলৈ দিয়া নাই। তাত থকা প্ৰায়বোৰ চিকিৎসালয় বন্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও ইজৰাইল বাহিনীয়ে আল-শ্বিফাকে ধৰি উত্তৰ গাজাৰ মূল চিকিৎসালয়তো অভিযান চলায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd