NORTHEAST NOW (Assamese)

লাহোৱাল, নাহৰকটীয়া আৰু হাইলাকান্দিৰ বিধায়ক ক’ভিড-১৯ত আক্ৰান্ত

August 30, 2020 4:01 pm · এন ই নাও নিউজ
Updated: August 30, 2020 4:02 pm
ঋতুপৰ্ণ বৰুৱা (বাওঁফালে থকা জন ) আৰু নৰেন সোণোৱাল (সোফালে থকা জন)

৩১ আগষ্টৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া অসম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে ক’ৰ’না ৰেপিড টেষ্টত আজি পুনৰ তিনিজন বিধায়কৰ ক’ৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে।

এই ৰেপিড টেষ্টৰ ৰিজাল্টত লাহোৱালৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱা, নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোণোৱাল আৰু হাইলাকান্দিৰ এ আই য়ু ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আক্ৰান্ত হয়।

উল্লেখ্য যে এই পৰ্যন্ত ৰাজ্যখনৰ ২২ গৰাকী বিধায়ক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনায়।

হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ।

শনিবাৰৰ দিনটোত মন্ত্ৰী চুম ৰংহাঙৰ উপৰি হাফলঙৰ বিধায়ক বীৰ বাহাদুৰ হাগজাৰ ক’ৰ’নাত আক্ৰান্ত হয়। আটাইকেইগৰাকী বিধায়ককে জি এম চি এইচ্চত ভৰ্তি কৰোৱা হৈছে।

সোমবাৰৰ পৰা চাৰি দিনলৈ চলিবলগীয়া বিধানসভাৰ বিশেষ অধিৱেশনৰ পূৰ্বে দেওবাৰে আবেলি মন্ত্ৰী-বিধায়কসকলৰ ক’ৰ’না টেষ্ট সম্পন্ন কৰা হ’ব।

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ চৌহদত কোৰোণা মহামাৰীৰ ৰেপিড টেষ্ট।

প্ৰতিটো দলৰ পৰা কম সংখ্যক বিধায়কৰ উপস্থিতিৰে অনুষ্ঠিত কৰিবলৈ ওলোৱা বিধানসভা অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে চলোৱা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

Related News