টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত আজি অসম কন্যা লাভলীনাৰ চেমি ফাইনেল, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা-অৰ্চনা-প্ৰাৰ্থনা
টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত আজি দিনৰ ১১ বজাত ছেমিফাইনেল খেলিব অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ।
তুৰ্কীৰ বক্সাৰ বুছেনাজ চুৰমেনেলীক পৰাস্ত কৰি লাভলীনা বৰগোঁহাইয়ে যাতে ফাইনেলত অৱৰ্তীণ হৈ সোণৰ পদক কঢ়িয়াই আনিব পাৰে সেই কামনাৰে শিৱসাগৰতো পুৱাৰে পৰা ঐতিহাসিক শিৱদৌলৰ সন্মুখত বিভিন্নজনে প্ৰাৰ্থনা ,পূজা অৰ্চনা কৰিছে। জনাইছে শুভেচ্ছা।
পুৱা ঐতিহাসিক শিৱ দৌলৰ সন্মুখত শিৱসাগৰ বক্সিং সন্থাৰ উপৰিও ন-শিকাৰু বক্সাৰে বন্তি প্ৰজ্বলন কৰি লাভলীনা বৰগোঁহাইৰ বিজয় কামনা কৰাৰ লগতে শুভেচ্ছা জনাইছে।
লাভলীনা বৰগোঁহাইয়ে ইতিমধ্যে এটা পদক নিশ্চিত কৰা খবৰে সকলোকে উৎসাহিত কৰাৰ লগতে নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাইছে বুলিও মন্তব্য কৰিছে শিৱসাগৰ বক্সিং সন্থাৰ বিষয়ববীয়া সকলে।
হাজোৰ পৰা মৃদুল প্ৰীতম ডেকা টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত আজি অসম কন্যা লাভলীনাৰ চেমি ফাইনেল, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা-অৰ্চনা-প্ৰাৰ্থ: আজি টকিঅ’ অলিম্পিকৰ ৰিংত নামিব অসম কন্যা লাভলিনা বৰগোঁহাই। আজি চেমি ফাইনেল খেল।
এই খেলত লাভলিনাৰ বিজয়ৰ বাবে তীৰ্থ নগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ শ্ৰীচৰণত পূজা অৰ্চনা কৰি লাভলীনাৰ বিজয় কামনা কৰিলে পৰিচালনা সমিতিয়ে।
সমগ্ৰ অসম বাসীৰ লগতে হাজো বাসীৰ আশা লাভলীনাই আজুৰিব সোণৰ পদক।