NORTHEAST NOW (Assamese)
Popular Stories

ভাষাহীন নৃশংসতা! মহানগৰীত বাঘ হত্যা কৰি ৰাজপথত সমদল জীৱশ্ৰেষ্ঠ মানৱৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 7, 2020 2:15 pm

পুনৰ জীৱশ্ৰেষ্ট মানুহৰ নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে। এটাৰ পাছত আনটো জীৱহত্যাৰ নিকৃষ্ট ঘটনাই চৰম লজ্জিত কৰিছে মানৱ জাতিক।

মহানগৰীৰ কটাহবাৰীত জীৱকুল ধ্বংস কৰা অভিযানত নামি পৰিছে একাংশ মানুহৰূপী দানৱ।

নিশা ঘৰত ফান্দ পাতি এটা নাহৰফুটুকী ধৰি মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উন্মত্ত লোকে। কেৱল হত্যা কৰাতেই ক্ষান্ত নাথাকি মৃত বাঘটোক লৈ তেওঁলোকে উলিয়াই সমদল। আনকি বিশ্বকাপৰ ট্ৰফী অৰ্জন কৰাৰ দৰে বাঘটো প্ৰদৰ্শন কৰাও দেখা গল।

ইতিমধ্যে গড়চুক আৰক্ষীয়ে ঘটনাৰ লগত জড়িত সাত জনক আটক কৰিছে। আটক কৰা কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইপিনে ‘তেওঁলোকক কোনে এই অধিকাৰ দিলে?? বুলিও প্ৰশ্ন কৰিছে একাংশই।

জানিব পৰা মতে নাহৰফুটুকীটোৱে কেইবাদিনো ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল অঞ্চলটোত।

উল্লেখ্য যে কিছুদিন পূৰ্বে কেৰেলাত এজনী গৰ্ভৱতী হাতীক মাটিকঠালৰ ভিতৰত ফটকা ভৰাই খাবলৈ দিয়া নিৰ্লজ্জ ঘটনা মোৰ নাজাওতেই পুনৰ আন এক জঘন্য ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।