NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ২৬০০ৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : ৯২ গৰাকী একেলগে আক্ৰান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 7, 2020 2:12 pm
EZ5PTWfU0AEvGYs

ৰাজ্যত ২৫৬৫ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৯২ গৰাকী লোক আক্ৰান্ত হৈছে।

ইয়াৰে ৩৯ গৰাকী হোজাই, ২৪ গৰাকী ধুবুৰী, ১০ গৰাকী নগাঁও, ৭ গৰাকী গোলাঘাট, মাজুলী ৬ গৰাকী, লখিমপুৰ পাঁচ গৰাকী, এগৰাকী ধেমাজিৰ।

বৰ্তমান ১৯৭০ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৮৮ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত ২৩০ গৰাকী আক্ৰান্ত হৈছিল।

৫ জুনৰ দিনটোত বৰ্তমানলৈকে ২৩০ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে।

যোৱা ৪ জুনত ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।