NORTHEAST NOW (Assamese)

বিজেপিত চলিছে লবী ৰাজনীতি; বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাঃ সম্পাদকৰ পদত্যাগ

November 14, 2018 8:35 pm · বিদ্যুত জ্যোতি বৰা
Updated: November 14, 2018 8:38 pm
পদত্যাগী জীবন কৃষ্ণ নাথে নিজৰ বাসগৃহত অনুষ্ঠিত এক আপ্যায়ন অনুষ্ঠানত ৰঞ্জিত দাসক কিবা কৈ থকা মুহূৰ্তত।

আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ পূৰ্ণগতিত চলাই থকাৰ সময়তে বিজেপিত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ তুলি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে দলটোৰ পৰা পদত্যাগ কৰে।

বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক জীৱন কৃষ্ণ নাথে আজি বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি বিৰেণ শইকীয়াৰ জৰিয়তে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীলৈও পদত্যাগ পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

পদত্যাগৰ সন্দৰ্ভত নাথৰ লগত যোগাযোগ কৰাত তেখেতে কয়, ‘১৯৯১ চনৰ পৰা সুৰ্দীঘ ২৭ বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টিৰ এজন একনিষ্ঠ কৰ্মী হিচাপে দলৰ কাম কৰি আহিছিলো।‘

‘দলৰ বেয়া দিনত বাজিয়াগাওঁ মণ্ডল বিজেপিৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰি অহাৰ লগতে বিগত দিনৰ পৰা বৰ্তমানলৈকে সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছিলো।‘

‘কিন্তু বৰ্তমান দলত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি হোৱা হেতুকে মই বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক পদৰ দায়িত্বৰ লগতে দলৰ সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি বিচাৰি আজি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো’ তেওঁ কয়।

বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে পদত্যাগ কৰিব খোজা ঘটনাই বিজেপিত যে  লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছে সেয়া এতিয়া স্পষ্ট হৈ পাৰিছে বুলি স্থানীয় এংকাশ মহলে মত প্ৰকাশ কৰে।

অনিল শইকীয়াৰ ভস্মীভূত বলেৰ’ গাড়ীখন

আনহাতে কালি সন্ধ্যা সংঘটিত আন এক ঘটনাত কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াৰ বলেৰ’ বাহনত কোনো লোকে অগ্নিসংযোগ কৰি গাড়ীখন বিস্তৰ ক্ষতি সাধন কৰে। একাংশই এয়া  অচিনাক্ত দুৰ্বৃত্তৰ দলে সংঘটিত কৰে বুলি সন্দেহ কৰিছে যদিও ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

Related News