NORTHEAST NOW (Assamese)

যোৰহাটত কিছু শিথিল কৰা হ’ল লকডাউন; আজিৰে পৰা বলৱৎ হ’ব এই নতুন নিৰ্দেশনা

July 18, 2021 6:48 am · নিৰ্মলেন্দু পাঠক

যোৰহাটত লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে।

সেই অনুসৰি, আজিৰে পৰা গেলামালৰ দোকান পুৱা ৮ বজাৰ পৰা ৩ বজালৈ খোলা থাকিব।

শাক-পাচলি, ফলমূল কেবল দোকানতহে বিক্ৰী কৰিব পাৰিব।

শাক-পাচলিৰ বজাৰ, ফলমূলৰ বজাৰ খুলিব নোৱাৰিব। অৰ্থাৎ ৰাস্তাৰ কাষত কোনো দোকান খুলিব নোৱাৰিব।

আনহাতে, খাদ্য সামগ্ৰীৰ পাইকাৰী দোকান পুৱা চাৰি বজাৰ পৰা তিনি বজালৈকে খুলিব পাৰিব।

ই-কমাৰ্চৰ সেৱা আবেলি ৩ বজালৈকে অনুমতি দিয়া হৈছে। ই-কমাৰ্চৰ ডেলিভাৰী দিয়া লোকসকলে প্ৰতি ৩দিনৰ মূৰে মূৰে ৰেপিড এন্টিজেন টেষ্ট কৰিব লাগিব আৰু ডেলিভাৰীৰ সময়ত ইয়াৰ ফলাফলৰ প্ৰমান পত্ৰ ৰাখিব লাগিব।

শনিবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই নতুন নিৰ্দেশনাৰ কথা অৱগত কৰে উপায়ুক্ত অশোক কুমাৰ বৰ্মনে l

ইপিনে, জিলাখনত বাকী লকডাউনৰ নিৰ্দেশনাসমূহ আগৰ দৰে একেই থাকিব আৰু সান্ধ্য আইনো ২৪ ঘন্টাই বাহাল থাকিব।

ফাৰ্মাচী, গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ খোলা ৰাখিব পাৰিব।

Related News