NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে লুই ইনাছিঅ’ লুলা দা ছিলভাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2023 11:14 am

তৃতীয় বাৰৰ বাবে যোৱা দেওবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে লুই ইনাছিঅ’ লুলা দা ছিলভাই(Luiz Inácio Lula da Silva )। শপত গ্ৰহণ কৰাৰ পিছত লুলাই ব্ৰাজিলক “পুনৰ নিৰ্মাণ” কৰি পৰিৱেশ আৰু দৰিদ্ৰৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়কঃ মানুহৰ মৃতদেহৰ পৰা সাৰ প্ৰস্তুত কৰিব নিউয়ৰ্কে

ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ব্ৰাজিলৰ প্ৰয়াত ফুটবল কিংবদন্তি পেলে আৰু প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ সন্মানত এক মিনিটৰ মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পিছতে আৰম্ভ হয় শপতগ্ৰহণ।

৭৭ বছৰীয়া লুলাই ইয়াৰ পূৰ্বে ২০০৩ চনৰ পৰা ২০১০ চনলৈকে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শপত গ্ৰহণ কৰাৰ পিছত তেওঁ কয় যে তেওঁৰ চৰকাৰে ব্ৰাজিলৰ মন্থৰ অৰ্থনীতি বৃদ্ধিৰ বাবে কাম কৰিব। ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য, শিক্ষা আৰু বিজ্ঞান খণ্ডত পুঁজিৰ অভাৱ পূৰণৰ বাবেও প্রয়াস কৰা হ’ব৷ ব্যক্তিগত স্বাৰ্থৰ বাবে দেশৰ সম্পদ লুণ্ঠন ৰোধ কৰা হ’ব।

লগতে পঢ়কঃ ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা : ৫ জনৰ মৃত্যু

লুলাৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আছে ব্ৰাজিলৰ দৰিদ্ৰসকলৰ জীৱনৰ মান উন্নত কৰা, বৰ্ণ আৰু লিংগ সমতা অনা আৰু আমাজনৰ বনাঞ্চল ধ্বংস শূন্যলৈ হ্ৰাস কৰা আদি।

লগতে লুলাই কয়  – “মই ব্ৰাজিলৰ জনসাধাৰণৰ সৈতে দেশখন পুনৰ নিৰ্মাণ কৰিম।”

লগতে পঢ়কঃ চাৰি জিলা বিলুপ্তিকৰণৰ আঁৰত কি ‘জাতীয়’ স্বাৰ্থ নিহিত হৈ আছে জাতিক জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

শপতগ্ৰহণ অনুষ্ঠানত লুলাৰ সৈতে তেওঁৰ পত্নী ফাৰ্ষ্ট লেডী ৰোজাঞ্জেলা জাঞ্জা দা চিলভা আৰু উপ-ৰাষ্ট্ৰপতি জেৰাল্ডো আলচমিন উপস্থিত থাকে।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি বিদায়ী ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৱে যোৱা শুকুৰবাৰে লুলাক ক্ষমতা গতাই দিয়াৰ অনুষ্ঠানৰ পৰা হাত সাৰিবলৈ আমেৰিকালৈ ৰাওনা হয়। সেইবাবেই তেওঁ লুলাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল।

লগতে পঢ়কঃ নীলগাইলৈ লক্ষ্য কৰি এৰা গুলীত আহত গৰ্ভৱতী মহিলা