NORTHEAST NOW (Assamese)
Popular Stories

ৰাম মন্দিৰলৈ ১০ কোটি টকাৰ সাহায্য ঘোষণা পাটনাৰ মহাবীৰ মন্দিৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 4:32 pm
Ram Mandir trust

অযোধ্যাত নিৰ্মাণ হ’বলগীয়া বিশাল ৰাম মন্দিৰৰ বাবে বিহাৰৰ পাটনাৰ মহাবীৰ মন্দিৰে ১০ কোটি টকাৰ সাহায্য আগবঢ়াইছে।

উচ্চতম ন্যায়ালয়ে বিবাদিত অযোধ্যা গোচৰ সন্দৰ্ভত ৰায়দান কৰাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৫ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় কেবিনেটে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ট্ৰাষ্ট গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কোৱাৰ পাছতে পাটনাৰ মহাবীৰ মন্দিৰৰ তৰফৰ পৰা এই ধনৰাশি আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মহাবীৰ মন্দিৰ ট্ৰাষ্টৰ সম্পাদক কিশোৰ কুনালে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ তৰফৰ পৰা সাহায্য ধনৰাশিখিনি কিষ্টিত আদায় দিব বুলি প্ৰকাশ কৰে।

‘‘মই দুই কোটি টকাৰ চেক এখন লৈ অযোধ্যালৈ যাম আৰু পৰৱৰ্তী সময়ত বাকী থকা টকাখিনি প্ৰদান কৰিম,’’ কিশোৰ কুনালে কয়।

তেওঁ লগতে মবাহীৰ মন্দিৰৰ ট্ৰাষ্টে ১৮১৮ চনৰ ভগৱান ৰাম, লক্ষ্মণ আৰু সীতাৰ ছবি থকা ৩০ টা মুদ্ৰাও লাভ কৰিছে বুলি উল্লেখ কৰি সেই মুদ্ৰা কেইটা ৰাম মন্দিৰৰ বাবে থৈ দিছে বুলি কয়।

অযোধ্যাত ২ এপ্ৰিলৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব আৰু চৰকাৰে এই মন্দিৰ নিৰ্মাণত কোনোধৰণৰ অৰ্থ সাহায্য প্ৰদান নকৰে সমগ্ৰ মন্দিৰ নিৰ্মাণ জনসাধাৰণৰ টকাৰে হ’ব।