NORTHEAST NOW (Assamese)

দিল্লীৰে যুঁজিব এঘৰী: সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যৱদ্ধ কাশ্মীৰৰ ৬ বিৰোধী দল

August 23, 2020 11:07 am · এন ই নাও নিউজ
Updated: August 23, 2020 11:09 am

দিল্লীৰ সৈতে এঘৰী যুঁজাৰ বাবে সাজু হৈছে কাশ্মীৰ উপত্যকাৰ ছটাকৈ বিৰোধী ৰাজনৈতিক।

কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবীৰে ঐক্যৱদ্ধ হোৱা দল কেইটাই শেহতীয়াকৈ এক সন্মিলিত বিবৃতিও প্ৰকাশ কৰিছে।

বিবৃতিটোত দল কেইটাই কৈছে যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ লগতে ৩৫(ক) অনুচ্ছেদ বাতিল কৰি কাশ্মীৰী জনতাৰ অধিকাৰ কাঢ়ি নিছে।

কাশ্মীৰৰ জনতাক তেওঁলোকে হেৰুওৱা অধিকাৰ পুনৰ ঘূৰাই দিয়াৰ বাবেই কাশ্মীৰত শীঘ্ৰে সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে দল কেইটাই।

সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপৰ বিৰুদ্ধে থিয় দিয়া ৬ টা দলৰ ভিতৰত দুটা সৰ্বভাৰতীয় দল ক্ৰমে কংগ্ৰেছ আৰু চিপিএমো আছে।

বিৰোধী ঐক্যত থকা আন দল কেইটা হৈছে ক্ৰমে নেছনেল কনফাৰেন্স,পিপ’লছ ডেম’ক্ৰেটিক পাৰ্টী,আৱামী নেছনেল কনফাৰেন্স আৰু জম্মু-কাশ্মীৰ পিপ’লছ কনফাৰেন্স।

দল কেইটাই কাশ্মীৰত পুনৰ সংবিদানৰ ৩৭০ অনুচ্ছেদ বাহাল কৰাৰ দাবীত শীঘ্ৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

অৱশ্যে ছটাকৈ বিৰোধী দলৰ এই প্ৰতিবাদক নতুন দিল্লীয়ে কিমান গুৰুত্ব সহকাৰে লয় সেয়াহে ডাঙৰ কথা।

বিজেপিৰ নেত্ৰী হিনা ভাটে প্ৰকাশ কৰা মতে বৰ্তমানৰ পৰিস্থিতিত এনে প্ৰতিবাদে আৰু কোনো কাম দিব বুলি আশা কৰিব নোৱাৰি।

Related News