NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; আপোনাৰ মানসিক আৰু শাৰীৰিক সুস্থিৰতা বৰ্তাই ৰাখক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2020 9:24 am
coronavirus-750x375

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে।

এই সম্পৰ্কত ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা (WHO), চৰকাৰী স্বাস্থ্য সেৱা সম্বন্ধীয় সংস্থাবোৰে জনসাধাৰণলৈ বিভিন্ন বিধি বিধান তথা পৰামৰ্শ আগবঢ়াইছে।

যিবোৰ মানি চলিলে ক’ৰ’না ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি অথবা প্ৰতিৰোধ কৰিব পাৰি।

বিশেষকৈ OCD আক্ৰান্ত লোকসকলে এই ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰাতো অতি প্ৰয়োজন।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধীয় প্ৰচাৰিত বাতৰি ক্ষেত্ৰত তেওঁলোক সজাগ হোৱা উচিত যাতে মানসিক সুস্থিৰতা বৰ্তাই ৰাখিব পাৰে।

OCD আক্ৰান্ত লোকসকলৰ বাবে এই ধৰণৰ আতংক নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে মানসিক উদ্বিগ্নতাই শীৰ্ষস্তৰলৈ গতি কৰাতো স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত তেওঁলোক সতৰ্ক হোৱা প্ৰয়োজন যাতে অযথা আতংকগ্ৰস্ত নহয়।

সেয়ে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় বাতৰি পঢ়াৰ ক্ষেত্ৰত সতৰ্ক আৰু সজাগ হোৱা ভাল যাতে এই সম্পৰ্কত শুদ্ধ ধাৰণা এটাহে গঢ় লয়।

মিছা অথবা অতিৰঞ্জিত যেন লগা বাতৰিৰ পৰা পৰাপক্ষত আঁতৰি থকাটোৱেই উত্তম।

বহু বাতিৰয়ে মিছা তথ্য আৰু খবৰো বিয়পাই থকা দেখা যায়। এই ক্ষেত্ৰত তেওঁলোকৰ বাতৰিত ভুল নগৈ চৰকাৰী বা কৰ্তৃত্বশীল কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু পৰামৰ্শবোৰ মনত ৰখা উচিত।

তেওঁলোকৰ বিশেষ ব্যস্ততা নাথাকিলে কিতাপ পঢ়ি বা নিজৰ ভাল কামত ব্যস্ত থাকিব পাৰে।