NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ নিৰ্বাচনী সমৱেশৰ সমীপতে দুটা বন্দুকসহ গ্ৰেপ্তাৰ এজন ব্যক্তি, অব্যাহত আছে তদন্ত

October 14, 2024 10:14 am · এন ই নাও নিউজ, গুৱাহাটী
নিৰ্বাচনী প্ৰচাৰত ডোনাল্ড ট্ৰাম্প। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী  সমাৱেশৰ সমীপতে অস্ত্ৰসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। কেলিফৰ্ণিয়াৰ কোচেলা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

শনিবাৰে ট্ৰাম্পৰ প্ৰচাৰ সভাত অবৈধভাৱে শ্বটগান আৰু গুলীভৰ্তি বন্দুক লৈ আহিছিল লোকজনে। অৱশ্যে ট্ৰাম্প আৰু নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰা কোনো ব্যক্তিৰ বাবে কোনো বিপদ নহ’ল।

ৰিভাৰছাইড কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ছিক্ৰেট ছাৰ্ভিছে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে অৱগত বুলি জানিবলৈ দিয়ে।

এফ বি আই আৰু আমেৰিকাৰ এটৰ্নী অফিচৰ যৌথ বিবৃতিত এই তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে।

লগতে পঢ়কঃ সলনি হৈছে বৃহস্পতিৰ গ্ৰেট ৰেড স্পট! তথ্য লাভ কৰি আচৰিত হৈ পৰিছে গৱেষকসকল

শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, ব্যক্তিজনৰ নাম ভেম মিলাৰ। লাছ ভেগাছৰ বাসিন্দা তেওঁ। তেওঁৰ বয়স ৪৯ বছৰ। গ্ৰেপ্তাৰৰ পিছত জামিনত মুকলি কৰি দিয়া হয়। ২ জানুৱাৰীত তেওঁ আদালতৰ শুনানিৰ সন্মুখীন হ’ব।

ট্ৰাম্পৰ প্ৰচাৰ সভাত চেকপইণ্টৰ ওচৰত আটক কৰা হৈছিল মিলাৰক। তেওঁ ক’লা ৰঙৰ এছ ইউ ভি এখনত আহিছিল।

ইয়াৰ পূৰ্বে পেনচিলভেনিয়াত ট্ৰাম্পৰ প্ৰচাৰ ৰেলীত প্ৰথম গুলীচালনা সংঘটিত হৈছিল। গুলীৱে ট্ৰাম্পৰ কাণত আঘাত কৰিছিল। ইয়াৰ পিছত ফ্ল’ৰিডাত ট্ৰাম্পৰ ওপৰত দ্বিতীয়বাৰৰ বাবে আক্ৰমণৰ চেষ্টা কৰা হয়।

ৰিভাৰছাইড কাউন্টিৰ শ্বেৰিফ চাড বিয়াংকো ট্ৰাম্পৰ সমৰ্থক। ক’চেলাত ট্ৰাম্পৰ প্ৰচাৰ ৰেলীত বক্তব্য প্ৰদান কৰে। তাত তেওঁ কয় যে তেওঁলোকৰ কোনোৱেই নাজানে যে বন্দুকধাৰীজনৰ উদ্দেশ্য কি। পিছত সংবাদমেলত বিয়াংকোৱে কয় যে যদি সাংবাদিকসকলে তেওঁক সোধে তেন্তে তেওঁ এতিয়া ক’ব যে ট্ৰাম্পৰ ওপৰত তৃতীয়টো হত্যাৰ চেষ্টা ৰোধ কৰা হৈছে।

লগতে পঢ়কঃ যুঁজ দিও অষ্ট্ৰেলিয়াৰ হাতত হাৰিল ৯ ৰানত; মহিলা টি-২০ বিশ্বকাপৰ পৰা প্ৰায় বাহিৰ ভাৰত

বিয়াংকোৱে লগতে কয় যে অস্ত্ৰধাৰী ব্যক্তিজনৰ কেইবাখনো পাছপ’ৰ্ট আৰু পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে। তেওঁৰ গাড়ীখনত বিভিন্ন নামেৰে এই পাছপ’ৰ্ট আৰু পৰিচয় পত্ৰ আছিল। ইয়াৰে কোনোটোৱেই পঞ্জীয়ন কৰা হোৱা নাই। লগতে কয় যে ফেডাৰেল কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে অধিক অভিযোগ উত্থাপন কৰিব।

ট্ৰাম্পৰ প্ৰচাৰ অভিযানৰ পৰা কোনো তাৎক্ষণিক মন্তব্য কৰা হোৱা নাই। কেলিফৰ্ণিয়াত ট্ৰাম্পে ৰেলী কৰাৰ সিদ্ধান্তত বহু ৰাজনৈতিক বিশ্লেষক আচৰিত হৈছিল। কাৰণ এই ৰাজ্যখনত ডেম’ক্ৰেট সমৰ্থকৰ সংখ্যা বেছি। অৱশ্যে ট্ৰাম্পৰ প্ৰচাৰ সভাত বিপুল জনসমাগম হয়। কোচেলা বাৰ্ষিক সংগীত উৎসৱৰ বাবে সুপৰিচিত। 

Related News