• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুঁজ দিও অষ্ট্ৰেলিয়াৰ হাতত হাৰিল ৯ ৰানত; মহিলা টি-২০ বিশ্বকাপৰ পৰা প্ৰায় বাহিৰ ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2024 8:33 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলা টি-২০ বিশ্বকাপৰ পৰা আপাতত: বাহিৰ হ’ল ভাৰত। দেওবাৰে শ্বাৰজাহত অষ্ট্ৰেলিয়াৰ হাতত ৯ ৰানত পৰাস্ত হয় দলটো। হৰমনপ্ৰীত কৌৰে ক্ৰীজত  শেষলৈকে যুঁজিছিল যদিও দলটোক জয় কৰিব নোৱাৰিলে। টপ অৰ্ডাৰ আৰু ফিল্ডিঙৰ ব্যৰ্থতাৰ বাবে ভাৰত পৰাস্ত হ’ল।

ভাৰত এতিয়াও চাৰিখন মেচত ৪ পইণ্টেৰে বৰ্তি আছে। অৱশ্যে সোমবাৰে যদি নিউজিলেণ্ডে পাকিস্তানক পৰাস্ত কৰে তেন্তে আনুষ্ঠানিকভাৱে নক আউট হ’ব। যদি পাকিস্তানে নিউজিলেণ্ডক ডাঙৰ ব্যৱধানত পৰাস্ত কৰে তেন্তে ভাৰতৰ বৰ্তি থকাৰ ক্ষীণ সম্ভাৱনা এটা আছে।

কিন্তু পাকিস্তান বৃহৎ ব্যৱধানত জয়ী হ’লে ভাৰত আৰু নিউজিলেণ্ড দুয়োটা দলকে অতিক্ৰম কৰি ছেমি ফাইনেলত প্রৱেশ কৰিব পাৰে৷ ইতিমধ্যে অষ্ট্ৰেলিয়াই চাৰিখন খেলৰ পৰা ৮ পইণ্ট লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

Apply Now

অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে স্পষ্ট হৈ পৰিছিল যে ভাৰতৰ কাম সহজ নহ’ব। কাৰণ নেট ৰানৰ হাৰ বৃদ্ধি কৰিবলৈ হ’লে অষ্ট্ৰেলিয়াই যি ৰান কৰে ভাৰতে সেই ৰান বহু কম সময়তে সংগ্ৰহ কৰিব লাগিব। টছৰ পিছতে ভাৰতৰ বাবে আহিল আঘাত। খোজ কাঢ়ি থাকোঁতে আশা শ্বোভনাৰ ভৰিৰ গোৰোহা ঘূৰি যায়। অষ্ট্ৰেলিয়াৰ অনুমতি সাপেক্ষে ভাৰতে তেওঁৰ ঠাইত ৰাধা যাদৱক প্ৰথম একাদশত স্থান দিয়ে।

আৰম্ভণি বেয়া নাছিল। প্ৰথম দুটা অভাৰত মাত্ৰ ৯ ৰানহে হয়। তৃতীয় অভাৰত ৰেনুকা সিঙে একেৰাহে দুটা বলত দুটা উইকেট দখল কৰে। চতুৰ্থ বলত ৰাধাৰ হাতত কেচ দি উভতি যায় বেথ মুনী (২)। পৰৱৰ্তী বলত জৰ্জিয়া ৱাৰেহাম (০) এলবিডব্লিউ হয়। অষ্ট্ৰেলিয়াই ৰিভিউ লোৱা নাছিল। কিন্তু ৰিপ্লেত দেখা গৈছিল যে বলটো লেগ ষ্টাম্পৰ বাহিৰলৈ গৈছিল।

দুটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ কোনো ধৰণৰ চাপ নাছিল। অ’পেনাৰ গ্ৰেচ হেৰিছ আৰু টাহলিয়া মেকগ্ৰাথে খেল অব্যাহত ৰাখিছিল। ভাৰতৰ কোনো বলাৰেই আউট কৰিব পৰা নাছিল। নৱম অভাৰত অৰুন্ধতী ৰেড্ডীৰ বলত হেৰিছৰ কেচ পেলায় দীপ্তি শৰ্মাই। তৃতীয় উইকেটৰ যুটীত সহজে ৫০ ৰান অতিক্ৰম কৰে। মেকগ্ৰাথৰ কেচ পেলায় হৰমনপ্ৰীত কৌৰে।

১২ নং অভাৰত ৰাধাই মেকগ্ৰাথক ৩২ ৰানত ঘূৰাই পঠিয়ায়। ১৪ নং অভাৰত হেৰিছো (৪০) আউট হোৱাত অষ্ট্ৰেলিয়া অলপ চাপত পৰিছিল। এছলী গাৰ্ডনাৰে (৬) ৰানও নাপালে। ১৭ নং অভাৰত এল বি ডব্লিউক লৈ বিতৰ্কৰ সৃষ্টি হয়। ফিবি লিচফিল্ডে দীপ্তিৰ বলত ৰিভাৰ্ছ ছুইপ খেলিবলৈ গৈছিল। বলটোৱে তেওঁৰ পেডত আঘাত কৰে। আম্পায়াৰে আউট দিয়াত অষ্ট্ৰেলিয়াই ৰিভিউ লয়। কিন্তু তৃতীয় আম্পায়াৰে কয় যে বলটো লেগ ষ্টাম্পৰ বাহিৰত পৰিছে। ভাৰতে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবী যে লিচফিল্ডে ৰিভাৰ্ছ ছুইপৰ বাবে যোৱাৰ বাবে বলটো লেগ ষ্টাম্পৰ বাহিৰত পৰিল বুলি কোৱা যুক্তিটো গ্ৰহণযোগ্য নহয়। কিন্তু তৃতীয় আম্পায়াৰে পুনৰ ৰিভিউ চোৱাৰ পিছতো সিদ্ধান্ত সলনি নকৰিলে।

অষ্ট্ৰেলিয়াৰ হ্ৰাস পোৱা ৰান ৰেট বৃদ্ধি কৰে এলিছ পেৰীয়ে। ইনিংছত কোনো ৯ টা বল বাকী থকা অৱস্থাত দীপ্তিয়ে পেৰী (৩২)ক ঘূৰাই পঠিয়ায়। লিচফিল্ডে শেষৰ বলত ছয় মাৰি অষ্ট্ৰেলিয়াৰ ৰান ১৫০ কৰে।

ইয়াৰ পূৰ্বে ভাৰতে সৰ্বাধিক ১৫০ ৰান খেদি টি-২০ বিশ্বকাপত জয়লাভ কৰিছিল। টি-২০ত সৰ্বাধিক ৰান চেজ ১৭৪ ৰান। সেইটো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেই। সেয়ে কামটো কঠিন নাছিল। ভাৰতৰ ইনিংছ আৰম্ভ হোৱাৰ আগতেই দেখা গৈছিল যে অষ্ট্ৰেলিয়াৰ ৰান ৰেট অতিক্ৰম কৰিবলৈ ভাৰতে ১০.২ অভাৰ বা তাৰ আগতে জয়ী হোৱাৰ প্ৰয়োজন। হাৰিলেও নিউজিলেণ্ডতকৈ ৰান ৰেট বেছি ৰাখিবলৈ কমেও ১৩৯ ৰান কৰিব লাগিব।

ভাৰতীয় অ’পেনাৰসকলে ৰান ৰেট বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভণিৰে পৰাই ৰিস্ক লোৱাৰ পথত আগবাঢ়ে। প্ৰথম তিনিটা অভাৰত ২৫ ৰান সংগ্ৰহ কৰে। আক্ৰমণাত্মক আছিল শেফালী ভাৰ্মা। কিন্তু চতুৰ্থ অভাৰত (২০) বেয়া শ্বট খেলি তেওঁ ঘূৰি যাবলগীয়া হয়। স্মৃতি মন্ধানাৰ বেয়া ফৰ্ম অব্যাহত আছে। গুৰুত্বপূৰ্ণ মেচতো তেওঁ ১২টা বলত ৬ ৰানতকৈ বেছি ৰান কৰিব পৰা নাছিল। সপ্তম অভাৰত জেমাইমা ৰড্ৰিগেজেও (১৬) উভতি যায়।

তিনিটা উইকেট হেৰুৱাইও ভাৰতৰ আত্মবিশ্বাস দমি যোৱা নাছিল। অধিনায়ক হৰমনপ্ৰীত আৰু দীপ্তি শৰ্মাই কঠিন সময়ত দলটোক নেতৃত্ব দিয়ে। লাহে লাহে যদিও দুয়োজনে নিয়মীয়াকৈ ৰান সংগ্ৰহ কৰি থাকিল। কিন্তু ভাৰতৰ চাৰি-ছয় মৰাৰ ধাৰাবাহিকতা কমি অহাৰ লগে লগে ‘আস্কিং ৰেট’ বাঢ়িবলৈ ধৰিলে।

দুই বেটাৰে চাপত খেলি থাকিবলৈ চেষ্টা কৰে। তাতেই বিপদ আহি পৰে। ১৬ নং অভাৰত ছফী মলিন’ক ছয় মাৰিবলৈ গৈ দীপ্তি (২৯) আউট হয়। পৰৱৰ্তী অভাৰত ৰিচা ঘোষ (১) ৰান আউট হয়। বিপৰীত দিশত আন কোনো প্ৰতিষ্ঠিত বেটছমেন নথকাৰ বাবে হৰমনপ্ৰীতে ৰান সংগ্ৰহৰ দায়িত্ব নিজৰ ওপৰত লৈছিল। ১৯ নং অভাৰত তেওঁ অৰ্ধ শতক সম্পূৰ্ণ কৰে। কিন্তু কাম নহ’ল।

অন্তিম অভাৰত ১৪ ৰানৰ প্ৰয়োজন হৈছিল ভাৰতক। এনাবেল চাথাৰলেণ্ডে মাত্ৰ তিনি ৰানহে দিয়ে। দুটা উইকেটো লয় । এটা ৰান আউটো হয়। ৫৪ ৰানত অপৰাজিত হৈ থাকে হৰমনপ্ৰীত। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd