NORTHEAST NOW (Assamese)

কাণৰ বিষত ৰ’ব পৰা নাছিল মানুহজন; ওলাল কাণৰ ভিতৰত বাস কৰা প্ৰকাণ্ড পঁইতাচোৰা

November 7, 2019 8:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কাণৰ ভিতৰত তীব্ৰ বিষ অনুভৱ কৰি সাৰ পাই উঠাৰ পাছত মানুহজনে বৰ অস্বস্তিত অনুভৱ কৰিব ধৰিলে। তেওঁ নিৰৱিছিন্ন সুৰসুৰণি এটা অনুভৱ কৰিছিল।

মানুহজনে কাণৰ ভিতৰত কি হৈছে পৰিয়ালৰ লোকক কাণত পোহৰ পেলাই চাবলৈ ক’লে। মানুহজনৰ যন্ত্ৰণাৰ কাৰণ বিচাৰি পালে। কাণৰ ভিতৰত বাস কৰি আছিল এটা প্ৰকাণ্ড পঁইতাচোৰাই।

ঘটনাটো চীনৰ। ফক্স নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি, এল ভি বুলি চিনাক্ত কৰা লোকজনে তেওঁৰ কাণৰ ভিতৰত বসবাস কৰি আতংকিত কৰা প্ৰাণীটোক এসেকা দিবলৈ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকজনে পৰীক্ষা কৰি আৱিষ্কাৰ কৰে যে মানুহজনৰ কাণৰ ভিতৰত এটা নহয় পঁইতাচোৰাৰ এটা পৰিয়ালেই বাস কৰি আছে। কমেও ১০টা পঁইতাচোৰাৰ  পোৱালি ভিতৰত দৌৰাফিৰা কৰি আছে।

এল ভিক পৰীক্ষা কৰা ডাঃ ঝং য়িজিনে “এছিয়া ৱেৰ’ক কয়,’’তেওঁৰ কাণখনৰ ভিতৰত বহু আঁচোৰা বা চুচুৰি যোৱাৰ দৰে আঘাত আছে। ই বহুত অস্বস্তিৰ সৃষ্টি কৰে।‘’

ডাঃ য়াজিনে প্ৰথমতে এটা টুইজাৰেৰে “পোৱালি’ কেইটাক বাহিৰলৈ উলিয়াই আনে আৰু তাৰপাছত একে পদ্ধতিৰে পঁইতাচোৰাৰ “মাক’ টোক উলিয়াই আনে।

এল ভি বৰ্তমান সুস্থ হৈছে আৰু ক্লিনিকৰ পৰা যাবলৈ দিয়া হৈছে। চিকিৎসগৰাকীয়ে আঙুলিয়াই দিয়ে যে সম্ভৱত: মানুহজনে আধাখোৱা খাদ্য তেওঁৰ শোৱা ঠাইৰ কাষত ৰখাৰ বাবেই সমস্যাটো হ’ব পাৰে।

Related News