NORTHEAST NOW (Assamese)

মানকাছাৰত নাও দুৰ্ঘটনাত নিখোঁজ ব্যক্তিৰ মৃতদেহ বাংলাদেশত উদ্ধাৰঃ এতিয়াও সন্ধানহীন এটি শিশু

April 2, 2024 8:33 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা দেওবাৰে দক্ষিণ শালমৰা-মানকাছাৰত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকা এজন ব্যক্তিৰ মৃতদেহ আজি বাংলাদেশত উদ্ধাৰ হৈছে।

বাংলাদেশ্ৰ খেৱাৰ চৰ অঞ্চলৰ সমীপত উদ্ধাৰ হৈছে দুৰ্ঘটনাৰ পাছত নিখোঁজ হৈ থকা কোভাদ হুছেইন (৬৫)ৰ মৃতদেহ।

ইফালে নিৰুদ্দিষ্ট ছামেন মণ্ডল (৮) নামৰ শিশুটিৰ এতিয়াও সন্ধান ওলোৱা নাই। নিৰুদ্দিষ্ট ছামেন মণ্ডলৰ সন্ধানত এতিয়াও অভিযান অব্যাহত আছে।

উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তৰ মানকাছাৰৰ নেপুৰৰ আলগা অঞ্চলত দেওবাৰে সন্ধিয়া সংঘটিত এই ঘটনাত ছামিম হুছেইন নামৰ এটি ৪ বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাইছিল।

প্ৰবল ধুমুহাৰ বাবে নদীত বাগৰি পৰিছিল যাত্ৰীবাহী নাওখন। সেইসময়ত নাওখনত ১৮ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

Related News