NORTHEAST NOW (Assamese)

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ : ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হ’ব পাৰে ৰাজ্যসভাৰ সাংসদ ডঃ মানিক সাহা

May 14, 2022 5:28 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 14, 2022 6:43 pm

ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষেত্ৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি পদত্যাগ কৰে। বিজেপি শাসিত ৰাজ্য খনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি তেওঁৰ পদত্যাগ পত্ৰ ৰাজপালৰ হাতত অৰ্পন কৰে।

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ পিছতে আজি বিয়লি ৫ বজাত বিজেপি বিধায়িনী দলৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হয় । এই বৈঠকতে নতুন মুখ্যমন্ত্ৰী এগৰাকী নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে শনিবাৰে ৰাজ্যপাল এছ এন আৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। দেৱে ৰাজভৱনত ৰাজ্যপালক লগ কৰাৰ পিছত এই ঘোষণা কৰে। বৃহস্পতিবাৰে তেওঁ নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিছিল।

উক্ত সাক্ষাতৰ পিছতে দেৱৰ পদত্যাগৰ বিষয়টো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

ইপিনে ৰাজ্যসভাৰ সাংসদ ডঃ মানিক সাহাক ত্ৰিপুৰাৰ অন্তৰ্ৱতীকালীন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰাজ্যখনত অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২০ চনৰ ডিচেম্বৰত ত্ৰিপুৰাৰ ৭ জন বিজেপি বিধায়কে দেৱৰ বিৰুদ্ধে “একনায়কত্ববাদ “ৰ অভিযোগ উত্থাপন কৰিবলৈ নতুন দিল্লীলৈ উৰা মাৰিছিল। বিধায়কসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দেৱৰ বিৰুদ্ধে বহু তথ্যৰ যোগান ধৰিছিল।

বিসম্বাদী বিধায়কসকলৰ মতে ২০১৮ চনত ত্ৰিপুৰাত বিজেপিক শাসনলৈ অহাত সহায় কৰা দলৰ নেতাসকলক দেৱে অৱজ্ঞা কৰিছে৷

ত্ৰিপুৰা কংগ্ৰেছে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ অভিযোগত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পদত্যাগ দাবী কৰি আহিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলিও অভিযোগ উঠিছিল। বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত বিজেপি দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰ অভিযোগ উঠিছিল।

Related News