NORTHEAST NOW (Assamese)

ৰক্তাক্ত ব্ৰিটেইন! লণ্ডন অভিমুখী ৰেলত নিৰ্বিচাৰে আক্ৰমণ যাত্ৰীক, গ্ৰেপ্তাৰ ২ জনক

November 2, 2025 12:17 pm · এন ই নাও নিউজ, গুৱাহাটী

লণ্ডন অভিমুখী ৰেলত এক ভয়ংকৰ ঘটনা। যাত্ৰীক লক্ষ্য কৰি ছুৰীৰে কৰা হ’ল আক্ৰমণ। এই পৰ্যন্ত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কমেও ১০ জন লোক গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে, ইতিমধ্যে দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।

শনিবাৰে নিশা কেম্ব্ৰিজশ্বাৰৰ এখন ৰেলত হঠাতে আক্ৰমণকাৰীয়ে ছুৰীৰে আক্ৰমণ কৰে। নিৰ্বিচাৰে আক্ৰমণৰ বলি হৈ কেইবাজনো যাত্ৰী ৰেলৰ ভিতৰত পৰি ৰক্তক্ষৰণ হয়। গোটেই ৰেলখনৰ যাত্ৰীসকল আতংকিত হৈ পৰিল। এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। হান্টিংডন ষ্টেচনত ৰেলখন ৰখাই দিয়া হয়। ইয়াৰ পাছতে আৰক্ষীয়ে দুই সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি আঘাতপ্ৰাপ্তসকল চিকিৎসাধীন হৈ আছে। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি ৯ জন লোকৰ অৱস্থা সংকটজনক। কিন্তু এই আক্ৰমণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু আঘাতপ্ৰাপ্ত সকল সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰে।

Related News