NORTHEAST NOW (Assamese)

এছিয়াৰ বৃহৎ সমৰকলাৰ বাবে সাজু অসমৰ ভৱজিৎ চৌধুৰী

November 15, 2019 10:53 am · এন ই নাও নিউজ
ভৱজিৎ চৌধুৰী

অসমৰ সমৰকলা খেলুৱৈ ভৱজিৎ চৌধুৰীয়ে এছিয়াৰ বৃহৎ ফাইটিং প্ৰমোশ্যন ‘ব্ৰেভ কমবেট ফেডাৰেশ্যন’ৰ সৈতে চুক্তিবদ্ধ হৈছে।

হায়দৰাবাদত ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এখন খেলত চৌধুৰীয়ে ইংলেণ্ডৰ মাৰ্টিন হুদছনৰ বিপক্ষে অংশ ল’ব।

ভৱজিৎ চৌধুৰীয়ে ৭৭ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে ছুপাৰ ফাইট লীগত গুজৰাটৰ অধিনায়ক হিচাপে থাকিব।

চৌধুৰীয়ে উত্তৰ-পূবত বহু কেইগৰাকী প্ৰতিভাৱান যুঁজাৰু থকা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত জনসচেতনতা আৰু প্ৰয়োজনীয় গুৰুত্বৰ অভাৱৰ  বাবে প্ৰতিভা সমূহ চিনাক্ত হোৱা নাই বুলি কয়।

প্ৰফেশ্যনেল এম এম এত চৌধুৰীয়ে আঠখন খেলত জয়, তিনিখনত পৰাজয়েৰে উত্তৰ-পূবৰ আটাইতকৈ সফল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

‘ষ্ট্ৰেটচাৰ’ নামেৰে জনপ্ৰিয় চৌধুৰীয়ে সদায় প্ৰতিপক্ষক প্ৰত্যাহৱান জনাই আহিছে।

 

Related News