NORTHEAST NOW (Assamese)
Popular Stories

চামগুৰিত এম্বুলেঞ্চৰ ওপৰত দুৰ্বৃত্তৰ শিলাবৰ্ষণ; কথমপি ৰক্ষা ৰোগীসহ তিনিজন লোকৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা April 6, 2020 12:15 pm

নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত দেওবাৰে নিশা এক বৰ্বৰ কাণ্ড সংঘটিত হয়। অঞ্চলটোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন জৰুৰী সেৱাত নিয়োজিত এম্বুলেঞ্চলৈ বুলি লক্ষ্য কৰি দুৰ্বৃত্তৰ এটা দলে শিলগুটি নিক্ষেপ কৰে।

ৰাজপথ চোৱাৰে আহি থকাৰ অৱস্থাত আন্ধাৰৰ সুযোগ লৈ তিনিজন অচিনাক্ত যুৱকে শিলগুটি নিক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে এম্বুলেঞ্চখনত থকা চিকিৎসাকৰ্মী গৰাকীয়ে।

এম্বুলেঞ্চখনত এজন ৰোগীৰ লগতে তিনিজনকৈ লোক আছিল। অতৰ্কিতে হোৱা শিলাবৰ্ষণৰ ফলত অৱশ্যে এজনো লো হতাহত হোৱা নাই যদিও তেজপুৰৰ পৰা নগাঁও অভিমূখে আহি থকা এম্বুলেঞ্চখনৰ যথেষ্ট ক্ষতি সাধন হয়।

পিছত এম্বুলেঞ্চৰ চালক গৰাকীয়ে চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ ঘটনাটো অৱগত কৰাত আৰক্ষীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু সোধা-পোছাৰ বাবে নিশায়ে দুজন যুৱকক আটক কৰে।