NORTHEAST NOW (Assamese)
অসম

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে জব্দ কৰা চুপাৰিভৰ্তি ট্ৰাক

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী February 11, 2022 11:17 am
WhatsApp Image 2022-02-11 at 10.55.43 AM

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা আৰক্ষী চকীৰ সন্মুখতে জব্দ কৰা চুপাৰি ভৰ্তি দুখন ট্ৰাকত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

আৰক্ষী চকীৰ সন্মুখতে ৰখা হৈছিল ৭৭টন চুপাৰি ভৰ্তি ট্ৰাক দুখন। ব্যৱসায়ী বিনোদ জৈনৰ গুডামৰ পৰা জব্দ কৰা হৈছিল ট্ৰাক দুখন।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰ নদীত জাপ দি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা চোৰাংচিকাৰীৰ মৃতদেহ উদ্ধাৰ

ট্ৰাক দুখন চুপাৰি মাফিয়া জয় প্ৰকাশ শৰ্মাৰ আছিল বুলি জানিব পৰা গৈছে।

ইপিনে, স্থানীয় ৰাইজে আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।

পূৰ্বেও জব্দকৃত অবৈধ গৰু কঢ়িওৱা বহনতো জুই লাগিছিল।

লগতে পঢ়ক:অসমতো মুন্নাভাই এমবিবিএছ! ’নীট’ ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ‘ভুৱা’; স্থানীয় লোকৰ তদন্ত দাবী

অগ্নিসংযোগ হোৱা ট্ৰাককেইখনৰ নম্বৰ হৈছে ক্ৰমে AS25CC7741 আৰু MH18AA5354।