NORTHEAST NOW (Assamese)

সাগৰীয় ঘূৰ্ণী যশ বিধ্বস্ত ৰাজ্যলৈ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

May 28, 2021 7:26 pm · এন ই নাও নিউজ

সাগৰীয় ঘূৰ্ণী যশে মহা সংহাৰৰ সৃষ্টি কৰা তিনি খন ৰাজ্য ক্ৰমে পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডলৈ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি ধুমুহা বিধ্বস্ত পশ্চিমবংগ আৰু ওড়িশাৰ বিভিন্ন ঠাই আকাশমাৰ্গৰ পৰা পৰিদৰ্শন কৰাৰ পিছতে মোদীয়ে তিনি খন ৰাজ্যলৈ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা কৰে।

মোদীয়ে লগতে যশে বিধ্বস্ত কৰা ৰাজ্য কেইখনৰ পুনৰ নিৰ্মাণ কাৰ্যত কেন্দ্ৰই পুৰামাত্ৰাই সহায় কৰিব বুলিও আশ্বাস দিয়ে।

তেওঁ লগতে কয় যে ধুমুহাই কৰা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ তিনিওখন ৰাজ্যৰ মন্ত্ৰীৰে গঠিত এটা দলে শীঘ্ৰে ৰাজ্য তিনি খন ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যশ ধুমুহাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ২ লাখ টকাকৈ আৰু আহত লোকক ৫০ হাজাৰ টকাকৈ চৰকাৰে আগবঢ়াব। উল্লেখ্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যশ ঘূৰ্ণীৰ ফলত ৰাজ্য খনত প্ৰায় ১৫ হাজাৰ কোটি টকাৰ ক্ষতি হোৱা বুলি কেন্দ্ৰলৈ পত্ৰ লিখিছিল। কেন্দ্ৰই ইতিমধ্যে আম্ফান ধুমুহাৰ ক্ষতিৰ জোৰা মাৰিবলৈ পশ্চিমবংগক সুকীয়াকৈ ১০০০ কোটি টকা আদায় দিছে।

যশ ধুমুহাই কৰা ক্ষতিৰ বাবেও পশ্চিমবংগক কেন্দ্ৰই সহায় কৰিব বুলি কথা দিছে। আজি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালাইকুণ্ডা বিমানকোঠত প্ৰায় ১৫ মিনিট ধৰি কথা পাতে। উল্লেখ্য পশ্চিমবংগৰ উত্তৰ মিদনপুৰ, দীঘা আদি অঞ্চলত যশ ধুমুহাই বিস্তৰ ৭তিসাধন কৰিছে।

২৬ মে’ত এই সংহাৰী ধুমুহাজাকে পশ্চিমবংগত প্ৰৱেশ কৰিছিল।
যশ ধুমুহাই সৃষ্টি কৰিব পৰা ক্ষয়-ক্ষতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈছিল।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেইবাটাও দপ্তৰৰ মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়া,দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া,টেলিকম, বিদ্যুৎ বিভাগৰ লগতে এনডিআৰএফৰ শীৰ্ষ বিষয়াৰে প্ৰধানমন্ত্ৰী মোদীয়ে কথা পাতিছিল।

যশ ধুমুহাৰ সময়ত আক্ৰান্ত অঞ্চলত কিদৰে মানুহক উদ্ধাৰ কৰা হ’ব সেই বিষয়ত প্ৰধানমন্ত্ৰীয়ে বুজ লৈছিল। সংকটৰ সময়ত যাতে কোনো লোক সহায় লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়ত গুৰুত্ব দিবলৈ মোদীয়ে নিৰ্দেশ দিছিল।

Related News