NORTHEAST NOW (Assamese)

ভাৰত-বাংলাদেশৰ মাজত সম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰে মোদী-হাছিনাই উদ্বোধন কৰিব তিনিটা প্ৰকল্প

October 5, 2019 10:12 am ·
বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব।

ইয়াৰ ভিতৰত অন্যতম এটা প্ৰকল্প হৈছে উত্তৰ-পূৰ্বাঞ্চললৈ সীমান্তৰে এল পি জিৰ যোগান।

দুয়োখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য আৰু যোগাযোগ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দুয়োগৰাকী নেতাই একেলগে ৰিম’টৰ জৰিয়তে প্ৰকল্পকেইটা উদ্বোধন কৰিব।

নেতা দুগৰাকীয়ে নেতাই উদ্বোধন কৰিবলগীয়া প্ৰকল্প তিনটাৰ ভিতৰত এটা হৈছে ঢাকাৰ ৰামকৃষ্ণ মিছনত পাঁচ মহলীয়া ছাত্ৰাৱাস বিবেকানন্দ ভৱনৰ উদ্বোধন।

আন দুটা প্ৰকল্প হৈছে ভাৰত-বাংলাদেশ বৃত্তিমূলক দক্ষতা বিকাশ প্ৰতিষ্ঠান আৰু বাংলাদেশৰ পৰা ত্ৰিপুৰালৈ সীমান্তৰে এল পি জি ৰপ্তানিৰ এটা প্ৰকল্প।

দক্ষতা বিকাশ প্ৰতিষ্ঠানটোৱে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক লাভান্বিত কৰিব আৰু প্ৰতিষ্ঠানটো খুলনাৰ ইনষ্টিটিউট অফ ডিপ্লমা ইঞ্জিনিয়াৰ্ছত উদ্বোধন কৰা হ’ব।

‘’পৰিবহন, যোগাযোগ, সক্ষমতা-নিৰ্মাণ তথা সংস্কৃতিৰ ক্ষেত্ৰত ছয়ৰ পৰা সাতখন চুক্তিত স্বাক্ষৰ কৰা সম্ভাৱনা আছে,’’- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে এই কথা সদৰী কৰিছে।

কুমাৰে লগতে প্ৰকাশ কৰিছে যে দুয়োখন ৰাষ্ট্ৰৰ মাজত ইমান নিকট সম্পৰ্ক কেতিয়াও গঢ়ি উঠা নাছিল।

তেওঁ কয়,’’এক ভিন্ন পৰ্যায়লৈ দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰাৰ বাবে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাত দুয়োপক্ষই দৃষ্টি ৰাখিব।‘’

 

Related News