NORTHEAST NOW (Assamese)

খাদ্য সংকট, মুদ্ৰাস্ফীতি : দেউলীয়া হোৱাৰ পথত এশৰো অধিক দেশ; তালিকাত আছে নেকি ‎ভাৰতৰ নাম?‎

November 30, 2024 6:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 30, 2024 6:20 pm

বিশ্বৰ কমেও ৫০খন দেশৰ তহবিল যিকোনো সময়তে শেষ হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী ‎বিভাগৰ মুৰব্বী আচিম ষ্টেইনাৰে শেহতীয়াকৈ এই কথা দাবী কৰিছে। ‎

দেউলীয়া দেশৰ তালিকাত ১০৪খন দেশৰ নাম উল্লেখ কৰিছে বিশ্ব বেংকে। য’ত আৰ্থিকভাৱে ‎পিছপৰা দেশৰ লগতে কেইবাখনো উন্নত দেশ আছে। সৌভাগ্যক্ৰমে এই তালিকাত ভাৰতৰ স্থান ‎নাই।

২০২২ চনত শ্ৰীলংকা চৰকাৰে প্ৰথমবাৰৰ বাবে নিজকে দেউলীয়া ঘোষণা কৰিছিল। কিছুদিনৰ ‎ভিতৰতে নেপালতো প্ৰায় একেই পৰিস্থিতিৰ সৃষ্টি হ’ল। আনকি ভাৰতৰ চুবুৰীয়া দুখন দেশ পাকিস্তান ‎আৰু বাংলাদেশৰ অৱস্থাও বৰ নহয় বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে। ‎

বিশ্ব বেংকৰ তালিকাত নামসমূহ হ’ল – পেৰু, টিউনিছিয়া, চুডান, লেবানন, ঘানা, কেনিয়া, ‎আৰ্জেণ্টিনা, ইজিপ্ত আৰু তুৰ্কি।

মূলতঃ দেশ এখন দেউলীয়া হ’লে প্ৰথমে শক্তি আৰু খাদ্য সংকটৰ সৃষ্টি হয়। শ্ৰীলংকাৰ বাহিৰেও ‎শেহতীয়াকৈ পেৰু আৰু আৰ্জেণ্টিনা দেউলীয়া হৈছে। দক্ষিণ আমেৰিকাৰ এই দুখন দেশৰ ভয়াবহ ‎দৃশ্য সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। আনকি সাধাৰণ মানুহো খাদ্য আৰু ইন্ধনৰ বাবে হিংসাৰ লগত ‎জড়িত হৈ পৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আনকি সেই দুখন দেশত গুলীচালনাও কৰিব ‎লাগিছিল।

কিন্তু কিয় হঠাৎ আৰ্থিক সংকটত ডুব গৈ আছে পৃথিৱীৰ ইমানবোৰ দেশ? অৰ্থনীতিবিদসকলে ইয়াৰ ‎আঁৰত চাৰিটা কাৰণ বুলি কয়। প্ৰথম কাৰণটো হ’ল বিগত কেইবছৰমানৰ পৰা চলি থকা বিশ্বৰ ‎বিত্তীয় সংকট, যাৰ বাবে অৰ্থনীতিবিদসকলে জলবায়ু পৰিৱৰ্তন আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ‎দোষাৰোপ কৰে। তেওঁলোকৰ মতে জলবায়ু পৰিৱৰ্তনে কৃষিক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। যাৰ ‎বাবে ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত খাদ্য সামগ্ৰীৰ দাম যোৱা দুবছৰ ধৰি লাহে ‎লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

ইয়াৰ উপৰিও ৰাছিয়া আৰু ইউক্ৰেইনে সমগ্ৰ বিশ্বতে ঘেঁহু ৰপ্তানি কৰি আছিল। কিন্তু ২০২২ চনত ‎ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছৰে পৰা এই দুখন পূব ইউৰোপৰ দেশে ঘেঁহু ৰপ্তানি বন্ধ কৰি দিছে। ‎ফলত এই দুখন দেশৰ ওপৰত নিৰ্ভৰশীল পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ অধিকাংশ দেশতে খাদ্যৰ ‎দাম আকাশলংঘী হৈছে।

দ্বিতীয়টো ডাঙৰ কাৰক হ’ল – ইন্ধনৰ মূল্য বৃদ্ধি। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পূৰ্বে মস্কোৱে পশ্চিম ‎ইউৰোপৰ উন্নত দেশ যেনে ফ্ৰান্স বা জাৰ্মানীক খনিজ তেল আৰু প্ৰাকৃতিক গেছ যোগান ধৰিছিল। ‎কিন্তু এতিয়া আমেৰিকাকে ধৰি পশ্চিম ইউৰোপে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ফলত ‎আমদানি বন্ধ হৈ গৈছে। আনকি ৰাছিয়াই বিশ্ব বজাৰত তেল বিক্ৰী কৰিবলৈও সক্ষম হোৱা নাই। ‎ফলত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। ‎

ইফালে, ২০২৩ চনৰ পৰা পশ্চিম এছিয়াত আৰম্ভ হৈছে ইজৰাইল-হামাছ যুদ্ধ। যাৰ জুইৰ শিখা ‎ইতিমধ্যে লেবানন আৰু ইৰাণলৈ বিয়পি পৰিছে। যুদ্ধ বেছি দিন চলিলে ইন্ধনৰ দাম আৰু বাঢ়িব।

তদুপৰি ২০২০ চনত ক’ৰোনাৰ বাবে খনিজ তেলৰ যোগান শৃংখল ব্যাহত হৈ পৰে। ‎অৰ্থনীতিবিদসকলৰ মতে, দেশত শক্তিৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। ফলত চৰকাৰে অধিক ধন ‎খৰচ কৰি ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। আৰু যাৰ ফলত দেশৰ বিদেশী মজুতৰ ওপৰত হেঁচা ‎পৰিবলৈ ধৰিলে। তাৰ পিছত দেশবোৰে ঋণ ল’বলৈ বাধ্য হ’ল। অৰ্থনীতিবিদসকলে ইয়াক দেউলীয়া ‎হোৱাৰ তৃতীয় কাৰণ হিচাপে চিনাক্ত কৰিছে।

বিশ্য বেংকে জনাইছে যে বিশ্বৰ ১৪৮খন দেশৰ ভিতৰত ১৩৫খন দেশ বৰ্তমান ঋণৰ বোজাত আছে। ‎ইয়াৰে ৩৯খন দেশে তিনিগুণতকৈ অধিক ঋণ লৈছে। ইয়াৰে ২০খন দেশ কেতিয়াও ঋণ পৰিশোধ ‎কৰিব নোৱাৰিব বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে।

বিশেষজ্ঞসকলে দেশৰ দেউলীয়া হোৱাৰ শেহতীয়া কাৰণ হিচাপে দোষাৰোপ কৰিছে ডলাৰৰ ‎মুদ্ৰাস্ফীতি। আৰ্জেণ্টিনাত ই ৬২ শতাংশ। তুৰস্কত ৭০ শতাংশ। যদিহে মুদ্ৰাস্ফীতিৰ হাৰ সাত শতাংশ ‎বা তাতকৈ অধিক হয় তেন্তে দেশ সংকটত পৰিছে।

অৱশ্যে দেউলীয়া দেশৰ তালিকাত ভাৰত নাই। কিন্তু বিশ্লেষকসকলৰ মতে, দেশৰ ৰাজ্যসমূহত যি ‎হাৰত ঋণ বৃদ্ধি পাইছে সেয়া চিন্তাৰ বিষয়। এই গতিত ঋণ লোৱাতো অব্যাহত থাকিলে দেশখন ‎দেউলীয়া হোৱাৰ দিশত আগবাঢ়িব।

Related News