NORTHEAST NOW (Assamese)

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ৰাজধানী কীয়েভত ৯০০ অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ

April 16, 2022 7:57 am · এন ই নাও নিউজ, গুৱাহাটী

ইউক্ৰেইনৰ ৰাজধানী কীয়েভ অঞ্চলৰ পৰা ৯০০ তকৈয়ো অধিক অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই কথা জানিবলৈ দিয়ে আৰক্ষী বিভাগৰ মুৰব্বী আন্দ্ৰেই নিয়েবিটভে। এই মৃতদেহসমূহ পৰীক্ষাৰ বাবে ফৰেনচিক বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষী বিষয়া নিয়েবটিভে জানিবলৈ দিয়ে যে নিহতসকলৰ অধিকাংশই সাধাৰণ গাঁৱৰ লোক। তেওঁলোকৰ বহুতৰে শৰীৰত নিৰ্যাতনৰ চিন স্পষ্ট হৈ আছে।

লগতে পঢ়ক: যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া! কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ   

নিয়েবটিভে লগতে কয় যে বুচা চহৰৰ পৰা চাৰে তিনিশতকৈয়ো অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। তাত ৰাছিয়াৰ সেনাৰ নিষ্ঠুৰতাৰ প্ৰমান পোৱা গৈছে। এইটো যুদ্ধ অপৰাধৰ ঘটনাত পৰে। কিন্তু ৰাছিয়াই আগৰ দৰেই এই অভিযোগ চিধাচিধি অস্বীকাৰ কৰিছে।

ইপিনে, ৰাছিয়াৰ যুদ্ধ জাহাজ ‘মস্কোভা’ ধ্বংস কৰাৰ পিছত দেশখনে ইউক্ৰেইনৰ ওপৰত তীব্ৰ আক্ৰমণ চলোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনে এনে আক্ৰমণ প্ৰতিৰোধৰ বাবে নিজকে সাজু কৰি তুলিছে।

লগতে পঢ়ক: উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি; দাবী এফবিআইৰ

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনলৈ ইতিমধ্যে অস্ত্ৰ-শস্ত্ৰকে ধৰি সামৰিক সাহায্য প্ৰেৰণ কৰিছে।  

Related News