NORTHEAST NOW (Assamese)
অসম

হিজাব বিতৰ্ক : এইবাৰ আমেৰিকাক উভতি ধৰিলে ভাৰতে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 12, 2022 4:29 pm

কৰ্ণাটকত সৃষ্টি হোৱা হিজাব বিতৰ্কই এতিয়া দেশ পাৰ হৈ বিদেশতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ আমেৰিকায়ো এই বিতৰ্কত ভাগলৈ ভাৰতক অস্বত্বিত পেলোৱা পৰিলক্ষিত হৈছে। লাৰ্জ ফৰ ইণ্টাৰনেচনেল ৰিলিজিয়াছ ফ্ৰীডমত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৰাশাদ হুছেইনে কৈছে যে ‘বিদ্যালয়সমূহত হিজাব নিষেধাজ্ঞাই ধৰ্মীয় স্বাধীনতা উলংঘা কৰিছে আৰু মহিলা আৰু ছোৱালীসকলৰ স্বাধীনতা হৰণ কৰিছে’।

মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে কৰা এনে মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ।

বগচীয়ে কয় যে যিসকলে ভাৰতক ভালদৰে জানে তেওঁলোকে বাস্তৱতাৰ সঠিক প্ৰশংসা কৰিব। শিক্ষানুষ্ঠানত পোছাক বিধি সম্পৰ্কীয় বিষয়টো কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে।

সেয়ে এনে বিষয়কলৈ কোনেও উত্তজনা বিয়পাব পৰা মন্তব্য কৰা উচিৎ নহয়। আমেৰিকাক আক্ৰমণ কৰি বাগচীয়ে কয় যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশৰ কোনো দেশে মাত মতা উচিৎ নহয়।

আমেৰিকাৰ দৰে তালিবানেও বিজাব বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু কৰ্ণাটকত হিজাব পিন্ধা প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰিছে।

ইপিনে কৰ্ণাটকত ছাত্ৰীক হিজাব পিন্ধাত বাধা দিয়া কাৰ্যৰ বিৰুদ্ধে এতিয়া উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ দিল্লী, কাশ্মীৰ আদি ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।