NORTHEAST NOW (Assamese)

টাইৱানত বোকাৰ আগ্নেয়গিৰিৰ ভয়াৱহ উদ্গীৰণ, ভাইৰেল ভিডিঅ’

April 10, 2022 3:04 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 10, 2022 3:06 pm

আগ্নেয়গিৰিৰ উদ্গীৰণত প্ৰধানকৈ লাভা, গেছ আদি ওলায় যদিও টাইৱানৰ এটা আগ্নেয়গিৰিৰ পৰা অহৰহ ওলাই আছে কেৱল বোকা আৰু বোকা।

কালিৰে পৰা বোকা চিটিকি পৰি থকা আগ্নেয়গিৰিটোৰ কাষৰীয়া বহু অঞ্চল এতিয়া পোত গৈছে বোকাত।

টাইৱানৰ পিংটুং কাউণ্টিৰ ৱাণ্ডান চহৰৰ এটা বোকাৰ আগ্নেয়গিৰি উদ্গীৰণ হোৱাৰ ফলত সমগ্ৰ চহৰ খনতে ত্ৰাস বিয়পি পৰিছে। বোকাৰ আগ্নেয়গিৰিটোৰ উদ্গীৰণৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সেই দৃশ্য চাই বিশ্বৰ বহু লোক স্তম্ভিত হৈ পৰিছে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত তেওঁলোকে এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পায়। ইয়াৰ পিছতে বোকাৰ আগ্নেয়গিৰিটো ভয়ংকৰ ৰূপত উদ্গীৰণ হ’বলৈ ধৰে।

https://www.youtube.com/watch?v=1JYTam88Bj4

ৰাস্তা আৰু পথাৰলৈ বোকা বিয়পি পৰিছে।

২০২১ চনৰ অক্টোবৰৰ পিছত এয়া আগ্নেয়গিৰিটোৰ দ্বিতীয় উদ্গীৰণ।

উদ্গীৰণৰ ফলত প্ৰায় এটা একমহলীয়া অট্টালিকাৰ সমান উচ্চতালৈ বোকা চিটিকি গৈছিল।

গাওঁ খনৰ মুৰব্বী চেন য়ু-ইয়ে জনোৱা মতে সাধাৰণতে প্ৰাকৃতিক গেছৰ প্ৰভাৱতে আগ্নেয়গিৰিটোৰ উদ্গীৰণ হোৱা বুলি ধাৰণা কৰা হৈছে।

তেওঁ লগতে কয় যে বোকাৰ আগ্নেয়গিৰিটো সাধাৰণতে বছৰত একৰ পৰা তিনিবাৰ পৰ্যন্ত উদ্গীৰণ হৈ আহিছে।

বোকাৰ আগ্নেয়গিৰিটোৰ উদ্গীৰণৰ প্ৰায় ৯০ মিনিট পিছত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই চহৰ খন কঁপাই তোলে।

Related News