NORTHEAST NOW (Assamese)

চীনত পুনৰ ৰহস্য! বৈদেশিক মন্ত্ৰীৰ পিছত এইবাৰ ‘নিৰুদ্দেশ’ প্ৰতিৰক্ষা মন্ত্ৰী

September 15, 2023 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী
নিৰুদ্দিষ্ট চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী লী শ্বাংফু। ফটো: সংগ্ৰহীত।

যোৱা জুন মাহৰ শেষৰ পৰা চীনৰ তদানীন্তন বৈদেশিক মন্ত্ৰী কিন গেঙক দেখা পোৱা নাই। তাৰ ঠিক এমাহৰ পিছত ২৫ জুলাইত ৱাং য়ীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। এইবাৰ দুসপ্তাহ ধৰি দেখা পোৱা নাই চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী লী শ্বাংফুক। এইবাৰ তেওঁৰ কাৰ্যকালো শেষ হ’বলৈ ওলাইছে নেকি তাকলৈ প্ৰবল জল্পনা-কল্পনা আৰম্ভ হৈছে।

লীক শেষবাৰৰ বাবে ২৯ আগষ্টত বেইজিঙত অনুষ্ঠিত চীন-আফ্ৰিকা শান্তি মঞ্চত ভাষণ দিয়া দেখা গৈছিল। তাৰ পিছত তেওঁৰ কোনো খবৰ পোৱা নাই। ইফালে জুলাই মাহত ৰাষ্ট্ৰপতি জি জিনপিঙেও চীনৰ সামৰিক বাহিনীৰ ৰকেট বাহিনীৰ দুজন শীৰ্ষ বিষয়াক অপসাৰণ কৰিছিল। প্ৰসংগক্ৰমে তেওঁলোককো কেইবাদিনো ৰাজহুৱা স্থানত দেখা পোৱা যোৱা নাছিল।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বেই অস্বস্তিত আমেৰিকাৰ ৰাষ্ট্ৰপতি; পুত্ৰৰ কুকীৰ্তিত বিৰাট সংকটত জো বাইডেন

অপসাৰণ কৰা বিষয়াসকলৰ ভিতৰত আছিল চীনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কিন আৰু দেশখনৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰৰ অস্ত্ৰভাণ্ডাৰ চোৱাচিতাৰ দায়িত্বত থকা দুজন সেনা জেনেৰেল। ফলত এইবাৰ লী শ্বাংফুক লৈও ৰহস্যৰ সৃষ্টি হৈছে।

ৰকেট বাহিনীত নতুন জেনেৰেল নিযুক্তি দিয়াৰ এসপ্তাহৰ পাছত দক্ষিণ চাইনা মৰ্নিং পোষ্টে প্ৰকাশ কৰা অনুসৰি দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে এই সালসলনি কৰা হৈছে।

ইয়াৰ পূৰ্বে ৯ ছেপ্টেম্বৰত খোদ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সেনাবাহিনীত ঐক্য আৰু সংহতি বজাই ৰখাৰ বাৰ্তা প্ৰদান কৰিছিল।

বিশ্লেষকসকলৰ মতে, ৰাষ্ট্ৰপতিৰ এই বাৰ্তা আৰু সেনাৰ সালসলনি আচলতে দুৰ্নীতি বিৰোধী অভিযানৰ অংশ। যোৱা পাঁচ বছৰত সেনাই কি কিনিলে, কেনেধৰণৰ ‘চুক্তি’ কৰা হ’ল, কোনো তথ্য চোৰাংভাৱে অনা হ’ল নেকি – এই সকলোবোৰ এতিয়া খোলা ফাইলত।

লগতে পঢ়ক: মাজনিশাৰ কঠিন পৰীক্ষা! সুকলমে উত্তীৰ্ণ হৈ পুনৰ নিজৰ লক্ষ্যত আগবাঢ়িল ইছৰোৰ আদিত্য-এল১

বহুতে বিশ্বাস কৰে যে লীৰ অন্তৰ্ধানৰ লগত ইয়াৰ কিবা সম্পৰ্ক থাকিব পাৰে। ১৯৮২ চনত লীয়ে সেনাবাহিনীত যোগদান কৰে। চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল।

Related News