কাবুলিৱালাৰ প্ৰেমত পৰি সীমান্ত পাৰহৈ লটিঘটি; পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ বোৱাৰী
কাবুলিৱালাৰ প্ৰেমত পৰিয়েই নগাঁৱৰ বোৱাৰী ৱাহিদাই সীমান্ত অতিক্ৰম কৰিছিল! ৱাহিদা যোৱা বছৰৰ নৱেম্বৰৰ পৰা তেওঁৰ পুত্ৰৰ সৈতে সন্ধানহীন হৈ আছিল। ঘটনাটোৰ এমাহৰ পিছতে ৱাহিদাৰ পৰিয়ালে জানিব পাৰিলে যে ৱাহিদাক তেওঁৰ পুত্ৰৰ সৈতে পাকিস্তানৰ কাৰাগাৰত ৰখা হৈছে। ৱাহিদা কেনেকৈ অসমৰ নগাঁৱৰ পৰা পাকিস্তানৰ কোৱেটাৰ কাৰাগাৰ পালে? আৰক্ষীয়ে ইয়াৰ আঁৰৰ কাহিনীৰ ৰহস্য বিচাৰি আছে।
পৰিয়ালৰ সূত্ৰ অনুসৰি, ৱাহিদাৰ স্বামী মহছিন খানৰ চাৰি বছৰ আগতে মৃত্যু হৈছিল। তাৰ পিছতে তেওঁ এজন কাবুলিৱালাৰ সৈতে সম্পৰ্কত লিপ্ত হয়। যোৱা বছৰ নৱেম্বৰত ৱাহিদা নগাঁও সদৰৰ পৰা তেওঁৰ পুত্ৰৰ সৈতে গাড়ীত উঠিছিল। কিন্তু তেতিয়াৰ পৰা তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।
লগতে পঢ়ক: প্ৰকৃতিৰ আগত কোন আমেৰিকা! কেলিফৰ্ণিয়াত ধুমুহাৰ তাণ্ডৱ; বিদ্যুৎ বিহীন প্ৰায় ৭০ হাজাৰ ঘৰ
বাতৰি অনুসৰি, ৱাহিদা নিৰুদ্দেশ হোৱাৰ আগতে ৱাহিদাই স্বামীৰ সকলো সম্পত্তি ১কোটি ৬০ লাখ টকাত বিক্ৰী কৰিছিল। ঘটনাটোৰ এমাহৰ পিছত ৱাহিদাৰ পৰিয়ালে জানিব পাৰে যে ৱাহিদাক তেওঁৰ পুত্ৰৰ সৈতে পাকিস্তানৰ কাৰাগাৰত ৰখা হৈছে।
ৱাহিদা বেগমৰ মাতৃ আৰিফা বেগমে জনায় যে ৱাহিদাক শেষবাৰৰ বাবে যিখন গাড়ীত দেখা গৈছিল সেইখন পিছত গুৱাহাটী বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত পোৱা গৈছিল। এই ঘটনাটোৰ পিছত,তেওঁ তেওঁৰ জীয়েক আৰু নাতিক বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁ এই সন্দৰ্ভত আৰক্ষীক নিৰুদ্দেশৰ খৱৰ দিছিল।
লগতে পঢ়ক: আৰু ৰহস্য! দুগৰাকী অধিবক্তাই গুৱাহাটী বিমানবন্দৰত দেখিছিল শ্বীনা বৰাক; দাবী ইন্দ্ৰাণী মুখাৰ্জীৰ
আৰিফা বেগমে প্ৰথমতে ভাবিছিল যে সম্পত্তি সম্পৰ্কীয় বিষয়য়ক লৈ এয়া অপহৰণৰ ঘটনা। পিছত যোৱা ৩০ নৱেম্বৰত আৰিফাই এটা অজ্ঞাত নম্বৰৰ পৰা ফোন পাইছিল। ফোনত তেওঁক জনোৱা হৈছিল যে তেওঁৰ জীয়েক ৱাহিদা আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে। তেওঁলোকক ২৫ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। এই সন্দৰ্ভত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাই আৰিফালৈ আইনী জাননী প্ৰেৰণ কৰে আৰু এই সন্দৰ্ভত ভাৰতীয় দূতাবাসলৈ নথিপত্ৰ প্ৰেৰণ কৰে।
সূত্ৰসমূহৰ মতে, পাকিস্তানলৈ যোৱাৰ বৈধ নথিপত্ৰ নথকাৰ বাবে ৱাহিদাক ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিয়ে পাক-আফগান চমন সীমান্তত গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ বিষয়ে গম পোৱাৰ পিছত আৰিফা বেগমে তেওঁৰ জীয়েকক ঘূৰাই অনাৰ উদ্যোগ লৈছিল। আৰক্ষীৰ ওচৰ চাপিও কোনো প্ৰত্যাশিত ফলাফল নোপোৱাত তেওঁ ভাৰতত থকা পাকিস্তান উচ্চায়োগৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু তাতো কোনো লাভ নহ’ল।
লগতে পঢ়ক: দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত! আৰবিআইৰ তালিকা প্ৰকাশ
অৱশেষত আৰিফাইএই সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল যদিও সেইটোৱেও কাম নিদিলে। তথাপি আৰিফাই হাৰ মনা নাছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল। কিন্তু শুকুৰবাৰে অৱশেষত আৰিফা তাৰ পৰাও বিমুখ হৈ ঘূৰি আহিব লগা হ’ল। কিয়নো ঘটনাৰ স্থান দিল্লীৰ অধিকাৰ ক্ষেত্ৰত নপৰাৰ বাবে আদালতে গোচৰটো খাৰিজ কৰে।