NORTHEAST NOW (Assamese)
অসম

অৰ্কিড সংৰক্ষণৰ ব্যতিক্ৰমী প্ৰয়াস নগাঁৱৰ ননৈৰ লুইত বৰাৰ

Posted by: মিণ্টু দাস August 21, 2018 11:42 pm

বিভিন্ন প্ৰজাতিৰ অৰ্কিডক লৈ নগাঁও জিলাৰ ননৈৰ এজন যুৱক সম্প্ৰতি ব্যস্ত।তেওঁ লক্ষাধিক টকা ব্যয়ৰে নিজৰ ঘৰত এই পৰ্যন্ত প্ৰায় ২০০ বিধ অৰ্কিড সংৰক্ষণ কৰাৰ উপৰি নগাঁৱৰ কমেও ৫০০খন গাঁৱত অৰ্কিড লগোৱাৰ লক্ষ্যৰে বিগত এটা বছৰে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে।

ননৈ শলমাৰী গাঁৱৰ লুইত বৰা নামৰ যুৱকজনে এতিয়ালৈকে প্ৰায় ১৩০খন গাঁৱত এই কাম সম্পন্ন কৰা বুলি জানিবলৈ দিয়ে। কোনো চৰকাৰী সহায় নোহোৱাকৈ তেওঁ যথেষ্ট কষ্ট আৰু আৰ্থিক প্ৰত্যাহ্বানেৰে এই কাম কৰি গৈছে বুলি জানিবলৈ দিয়ে।

তেওঁক এতিয়া ব্যাপক হাৰত অৰ্কিডৰ পুলি তথা ক্ল’নৰ আৱশ্যক বুলি জানিবলৈ দি কোনো লোকে যিকোনো প্ৰজাতিৰ অৰ্কিড দি বা ক’ৰবাত অৰ্কিড পাব পৰা উৎসৰ সন্ধান দিলে তেওঁৰ যথেষ্ট সুবিধা হ’ব বুলি জানিবলৈ দিয়ে।

লেখা-মেলা কৰাৰ সৈতে জড়িত লুইত বৰাৰ এই কামৰ বাবে বিশিষ্ট প্ৰকৃতিপ্ৰেমী ড০ প্ৰবীন শইকীয়া, লেখক ড০ ৰেজাউল কৰিমকে ধৰি বিভিন্নজনে শলাগ লোৱাৰ লগতে সহায়ৰ বাবেও আগবাঢ়ি আহিছে।