NORTHEAST NOW (Assamese)

Video|| কাজিৰঙা-বোকাখাতত খোলা জীপত মোহময়ী নাগমা, কংগ্ৰেছৰ বিশাল ৰে’লি

April 9, 2019 5:17 pm · উত্তম শইকীয়া
Updated: April 9, 2019 5:23 pm
বোকাখাতত কংগ্ৰেছ সমৰ্থকৰ মাজত নাগমা। ছবি সৌজন্য- ফে’চবুক।

অসমত লোকসভা নিৰ্বাচনৰ প্রথম পৰ্য্যায়ৰ প্রচাৰৰ অন্তিম দিনা মঙলবাৰে কলিয়াবৰৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈৰ হৈ বোকাখাত আৰু কাজিৰঙাত বিশাল প্ৰচাৰ অভিযান চলায় মোহময়ী অভিনেত্রী নাগমা মোৰাৰজীয়ে৷

গগৈৰ হৈ প্ৰচাৰ চলাই অঞ্চলটোৰ বিভিন্ন ঠাইত জনসমাগম সম্বুধি ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহিলা গোটৰ সম্পাদিকা তাৰকা প্ৰচাৰকগৰাকীয়ে নাগৰিকত্ব বিধেয়ক প্ৰসংগত বিজেপি আৰু অগপ দলক তীব্ৰ সমালোচনা কৰে।

বিধেয়ক বিৰোধিতাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি পুনৰ নিৰ্বাচনত মিত্ৰপাশত আবদ্ধ হোৱা অগপৰ বিধেয়ক বাতিলকৰণ সন্দৰ্ভত মাত মতাৰ অধিকাৰ নাই বুলি তেওঁ মন্তব্য কৰে।

আনহাতে মিত্ৰ বিজেপিয়ে বিধেয়ক গৃহীত কৰিব বুলি লোৱা ৰাষ্ট্ৰীয় সংকল্প উল্লেখেৰে গগৈয়ে কয় অগপই এতিয়া অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত।

প্ৰতিকূল বতৰকো নেওচি অগণন লোকে যোগ দিয়া বোকাখাত ৰঙামাটিৰ পৰা কাজিৰঙালৈকে চলা কংগ্ৰেছৰ কাৰ ৰে’লিটোত এখন খোলা জীপত গৌৰৱ গগৈক সংগ দিয়ে অভিনেত্ৰীগৰাকীয়ে।

কাজিৰঙাৰ কঁহৰাৰ ৰূপজ্যেতি সংঘৰ প্ৰক্ষাগৃহত কংগ্ৰেছৰ বিশাল ৰে’লিটোৰ সামৰণি পৰে৷

https://www.facebook.com/nagma.morarji/videos/317587955535581/

Related News