NORTHEAST NOW (Assamese)

নলবাৰীত মাছৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত উপায়ুক্তৰ তদন্ত ঘোষণা

October 1, 2019 5:08 pm · এন ই নাও নিউজ
Updated: October 2, 2019 7:58 am
মীলন পুখুৰী পৰিদৰ্শনৰ সময়ত নলবাৰী জিলা উপায়ুক্ত

নলবাৰী জিলাৰ মিলন দীঘেলী পুখুৰীত সোমবাৰে নিশা ভালেসংখ্যক বৃহৎ আকাৰৰ মাছৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে পুখুৰীটো পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত পুখুৰীটোত থকা ডাঙৰ ডাঙৰ মাছৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাৰ লগত কোনো ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে উপায়ুক্ত গৰাকীয়ে।

উল্লেখযোগ্য পুখুৰীটোত থকা বৃহৎ বৃহৎ আকাৰৰ মাছৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত স্থানীয় ৰাইজে উপায়ুক্তগৰাকীক অভিযোগ দাখিল কৰিছিল।

আনহাতে, উপায়ুক্তগৰাকীয়ে মাছৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ উদঘাটন কৰাৰ বাবে নলবাৰী জিলা মীন উন্নয়ন বিষয়াক দায়িত্ব দিয়ে।

মীন বিষয়াসকলক ৪৮ ঘণ্টাৰ ভিতৰতে ঘটনা সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈও উপায়ুক্ত চৌধুৰীয়ে নিৰ্দেশ দিয়ে।

নলবাৰী জিলাৰ মিলন দীঘেলী পুখুৰী জিলাখনৰ এটা উল্লেখযোগ্য পুখুৰী য’ত বহুদিনীয়া বহু ডাঙৰ ডাঙৰ মাছ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

Related News