NORTHEAST NOW (Assamese)

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ উইকেটকীপাৰ নমন ওজাৰ

February 16, 2021 11:23 am · এন ই নাও নিউজ
Updated: February 16, 2021 11:25 am

টীম ইণ্ডিয়াৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমনে নমন ওজাই সোমবাৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰিছে।

মধ্যপ্ৰদেশৰ ৩৭ বছৰ বয়সীয়া সোঁহতীয়া বেটছমেনজনে দুই দশক ধৰি ঘৰুৱা ক্ৰিকেটত দপদপাই আছিল।

উল্লখযোগ্য যে উইকেট কীপাৰ হিচাপে ৰঞ্জী ট্ৰফীত সৰ্বাধিক কেচ দখলৰ তালিকাত নমন ওজা শীৰ্ষত আছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত চমক সৃ্ষ্টি কৰিব নোৱাৰিলেও ওজাই ১৪৬ খন ফাৰ্ষ্ট ক্লাছ টেষ্টমেচত ২২টা শতকসহ ৯,৭৫৩ ৰাণ কৰিছিল।

ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশক প্ৰতিনিধিত্ব কৰা ওজাই আইপিএলত ৰাজস্থান ৰয়েলছ, ছানৰাইজাৰ্ছ হাইডৰাবাদ আৰু দিল্লী ডেয়াৰডেভিলৰ হৈ উইকেটকীপাৰ বেটছমেনৰ ভূমিকা পালন কৰিছিল।

Related News