NORTHEAST NOW (Assamese)

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm · এন ই নাও নিউজ, গুৱাহাটী

নাছাৰ ‘পাৰছিভিয়াৰেঞ্চ’ ৰোভাৰে মংগল গ্ৰহত বিচাৰি পাইছে এটা অদ্ভুত আকৃতিৰ শিল। এইটো দেখাত পুৰণি যুদ্ধৰ হেলমেটৰ দৰে।

যোৱা ৫ আগষ্টত তোলা এই ছবিখন ৰোভাৰৰ লেফ্ট মাষ্টকাম জেদ ( Left Mastcam-Z) কেমেৰাত বন্দী কৰা হৈছে। সম্প্ৰতি মংগল গ্ৰহত প্ৰাচীন জীৱৰ সন্ধান আৰু শিলৰ নমুনা সংগ্ৰহ কৰি আছে ৰোভাৰখনে। তাৰ মাজতে মাজে সময়ে এনে অস্বাভাৱিক শিল আৱিষ্কাৰ হৈ আহিছে।

এই শিলটোৰ বিশেষত্ব হ’ল ই অসংখ্য ক্ষুদ্ৰ, নিখুঁতভাৱে ঘূৰণীয়া কণা (Spherules)ৰে গঠিত।

বিজ্ঞানীসকলৰ মতে এইবোৰে মংগল গ্ৰহৰ ভূতাত্ত্বিক ইতিহাসৰ গুৰুত্বপূৰ্ণ সূত্ৰ দিব পাৰে। এই গোলাকাৰ কণাবোৰৰ গঠনৰ আঁৰত কেইবাটাও সম্ভাৱ্য কাৰণ থাকিব পাৰে—যেনে খনিজ পদাৰ্থৰ সঞ্চয় আৰু গোট হোৱা (Mineral precipitation), আগ্নেয়গিৰিৰ লাভা দ্ৰুত শীতল হৈ কঠিন হোৱা, বা উল্কাপিণ্ডৰ দৰে প্ৰচণ্ড সংঘৰ্ষত শিল বাষ্প হৈ সৰু সৰু কণালৈ পৰিণত হোৱা।

নাছাৰ তথ্য অনুসৰি এই শিলটোৰ নাম ‘হৰ্নেফ্লিয়া’ ৰখা হৈছে। কিছুমান গৱেষকৰ মতে ইয়াৰ আকৃতি দীৰ্ঘদিনীয়া ৰাসায়নিক ক্ষয় (Chemical weathering) বা বতাহৰ খহনীয়াৰ বাবেই গঠিত হ’ব পাৰে। আন এটা অংশৰ মতে এইটো আগ্নেয়গিৰিৰ প্ৰক্ৰিয়াৰ ফল।

বিজ্ঞানীসকলে কয় যে এই শিলে মংগল গ্ৰহৰ পৰিৱেশগত অতীত বুজিবলৈ মূল্যৱান তথ্য প্ৰদান কৰিব পাৰে।

Related News