NORTHEAST NOW (Assamese)

ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰি পৰিৱেশ আৰু প্ৰকৃতিক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰক-যাদৱ পায়েং

August 17, 2019 2:35 pm · উত্তম শইকীয়া
জীৱন জোৰা সাধান বঁটা গ্ৰহণ কৰাৰ সময়ত যাদৱ পায়েং

প্লাষ্টিকৰ বটলৰ পৰা আৰম্ভ কৰি বিভিন্ন আৱৰ্জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আৱৰি পেলাইছে।

হোটেল, ধাবা আৰু গেৰেজৰ পৰা ওলোৱা আৱৰ্জনা আৰু তৈল্যজাত সামগ্ৰীৰে প্ৰদুষিত হৈ পৰিছে কাজিৰঙাৰ ডিফলু নদী।

‘‘কাজিৰঙাক এতিয়া আমি পৰিস্কাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাবে গঢ়ি তুলিব লাগিব, আৱৰ্জনাৰ স্থল হিচাপে নহয়’’- আজি কাজিৰঙাত আন্ত:ৰাষ্ট্ৰীয় সংগঠন ‘জাংগল ৰিডমচ’ৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে এনেদৰে কয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিন নিষ্ঠাৰে সেৱা আগবঢ়োৱা ধৰণী বৰা, মিন্টু বৰা আৰু মানিক আলীক জাংগল ৰিডমচৰ তৰফৰ পৰা পুৰস্কৃত কৰাৰ উপৰিও অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংক জীৱন জোৰা সাধনা বঁটা আৰু চিংগনাৰক বিশেষ বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত যাদৱ পায়েংৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পেৰীয়াৰস্বামী শিৱকুমাৰ, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম , কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কহঁৰাৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদ আৰু জাংগল ৰিডমচৰ হৈ নিৰ্মল্য চক্ৰৱৰ্তীয়ে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পায়েঙে নিজৰ ভাষণ প্ৰসংগত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰি পৰিৱেশ আৰু প্ৰকৃতিক পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ বাবে পৰামৰ্শ আগবঢ়ায়।

Related News