NORTHEAST NOW (Assamese)

নতুন ইংগিত! বিতৰ্কিত নহয়, নেপালৰ পুৰণি মানচিত্ৰ ব্যৱহাৰ কৰি দশেৰাৰ শুভেচ্ছা অ’লিৰ

October 24, 2020 8:54 am · এন ই নাও নিউজ
নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ'লি।

নেপালৰ পুৰণি মানচিত্ৰ ব্যৱহাৰ কৰিয়েই দেশবাসীক বিজয়া দশমী তথা দশেৰাৰ শুভেচ্ছা জনাইছে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰা মানচিত্ৰত দেখা পোৱা নগ’ল কালাপানী-লিপুলেখ-লিম্পিয়াধুৰা।

ভাৰতৰ পিথোৰগড় জিলাৰ এই তিনিটা স্থানক প্ৰধান মন্ত্ৰী অ’লিয়ে নতুন মানচিত্ৰত নেপালৰ অন্তৰ্গত বুলি দেখুৱাইছিল।

যোৱা ২০ মে’ত প্ৰকাশ পাইছিল নেপালৰ এই নতুন মানচিত্ৰ। তাৰপাছত যোৱা ১৩ জুনত নেপালৰ সংবিধান সংশোধন কৰি চৰকাৰীভাৱে উক্ত তিনিটা স্থানক নেপালৰ ভূমিখণ্ড বুলি অংকিত কৰা হৈছিল।

প্ৰধান মন্ত্ৰী অ’লিৰ এই কাৰ্যক নেপালী কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে সমালোচনা কৰাৰ লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে সংসদৰ সিদ্ধান্তক অৱমাননা কৰা বুলি অভিযোগ কৰিছিল।

নেপালৰ প্ৰধান মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপক নেপালৰ জনসাধাৰণে সমালোচনা কৰাৰ লগতে ছচিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ইপিনে, শেহতীয়াকৈ ভাৰতৰ ৰিচাৰ্ছ এণ্ড এনালাইছিছ উইঙৰ মুৰব্বী সামন্ত কুমাৰ গোয়েলৰ সৈতে বৈঠকৰ পাছতে নেপালৰ প্ৰধান মন্ত্ৰী অ’লিয়ে তেওঁৰ স্থিতি সলনি কৰা বুলি কোৱা হৈছে।

আনহাতে, ভাৰতীয় সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনেৰ আগন্তুক নেপাল ভ্ৰমণৰ পূৰ্বে প্ৰধান মন্ত্ৰীগৰাকীৰ স্থিতিক লৈ বিভিন্ন মহলত নতুন ইংগিতৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

Related News