NORTHEAST NOW (Assamese)

পাষাণ মাতৃ-পিতৃ: মৰিয়নীত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ সদ্যজাত শিশু

January 25, 2022 6:46 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

যোৰহাট জিলাৰ মৰিয়নী আৰক্ষী থানাৰ অধীনস্থ গ্ৰীনভিউ চাহ বাগিচাত আজি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে এক অমানৱীয় কাণ্ড।

কোনো পাষাণ পিতৃ-মাতৃয়ে জন্মৰ লগে লগেই নৱজাতকক বস্তাত ভৰাই পেলাই থৈ গ’ল বাগানৰ খালত।

স্থানীয় এগৰাকী মহিলাই ঘৰৰ সমিপতে থকা বাগানত নৱজাতকৰ কান্দোন শুনি এটা বস্তাত ভৰাই পেলাই থৈ যোৱা নৱজাতকটো উদ্বাৰ কৰে।

 

পিছত মহিলা গৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত চাহ বাগিচাৰ চিকিৎসালয়ত নৱজাতকটিৰ প্ৰাথমিক চিকিৎসা সম্পন্ন কৰে।

গ্ৰীনভিউ চাহ বাগিছাৰ চিকিৎসা কৰ্মীয়ে জনোৱা মতে বৰ্তমান নৱজাতকটো সুস্থ অৱস্থাত আছে।

অন্যহাতে চাহ বাগিচখনত সংঘটিত এনে অমানৱীয় ঘটনাকলৈ সচেতন লোকে উদ্বেগ প্ৰকাশ কৰিছে।

Related News