NORTHEAST NOW (Assamese)
অসম

কাইলৈ পুৱা তিহাৰ জেলত ফাঁচী দিয়া হ’ব নিৰ্ভয়াৰ চাৰিও ধৰ্ষণকাৰীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 5:31 pm
Nirbhaya rapists to hang tomorrow at 5.30 am

নিৰ্ভয়াৰ চাৰিওগৰাকী ধৰ্ষণকাৰীক শুকুৰবাৰে পুৱা ৫.৩০ বজাত ফাঁচী দিয়া হ’ব।

দিল্লীৰ এখন আদালতে নিৰ্ভয়াৰ ধৰ্ষণকাৰীসকলৰ এখন আৱেদন বৃহস্পতিবাৰে খাৰিজ কৰিছে।

চাৰি ধৰ্ষণকাৰী মুকেশ সিং (৩২), অক্ষয় কুমাৰ সিং (৩১), পৱন গুপ্তা (২৫) আৰু বিনয় শৰ্মা (২৬)ক কাইলৈ একেলগে ফাঁচী দিয়া হ’ব।

দেশ কঁপোৱা ঘটনাটোত দোষী সাব্যস্ত হোৱা আন দুজনৰ এজনে কাৰাগাৰতে আত্মহত্যা কৰিছে।

নাবালক ধৰ্ষণকাৰী এজনক তিনি বছৰ শোধন গৃহত ৰখাৰ পিছত মুকলি কৰি দিয়া হৈছে।

তিহাৰ জেলত চাৰিগৰাকী দোষীক একেলগে ফাঁচী দিয়াৰ এইটোৱে হ’ব প্ৰথম ঘটনা।

অক্ষয় কুমাৰ সিং নামৰ দোষীগৰাকীয়ে জনোৱা আৱেদন ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰিছে।

উচ্চতম ন্যায়ালয়ে মুকেশ সিং নামৰ আনজন ধৰ্ষণকাৰীৰো আৱেদন খাৰিজ কৰিছে।

২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত সংঘটিত হৃদয়-কঁপোৱা ধৰ্ষণ কাণ্ডটোত দেশজুৰি ব্যাপক প্ৰতিবাদ হৈছিল।